৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হৈছিল দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল । এই নিৰ্বাচনত স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপিয়ে । কিন্তু ফলাফল ঘোষণাৰ এটা সপ্তাহ পাৰ হৈ যোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ মুখ এতিয়াও চূড়ান্ত হোৱা নাই । তাৰ মাজতে এতিয়া নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি তীব্ৰতৰ হৈ পৰিছে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণৰ পৰা দিল্লীলৈ উভতি আহিছে । প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰীৰ মুখ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব বুলি ধাৰণা কৰা হৈছে । সেয়ে প্ৰধানমন্ত্ৰীৰ প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষা কৰি আছিল বিজেপি নেতাসকলে । এতিয়া শপতগ্ৰহণ আৰু ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ মুখ সন্দৰ্ভত সিদ্ধান্তৰ অপেক্ষাত আছে সকলো ।
উল্লেখ্য যে, ১৯ বা ২০ ফেব্ৰুৱাৰীত দিল্লীত শপতগ্ৰহণ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে । আজি ১৫ জানুৱাৰী । অৰ্থাৎ ৫ দিনৰ ভিতৰত দিল্লীয়ে নতুন মুখ্যমন্ত্ৰী পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । ১৭ বা ১৮ ফেব্ৰুৱাৰীত বিজেপি বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হ’ব পাৰে, য’ত মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হ’ব পাৰে বুলিও তথ্য পোৱা গৈছে । সূত্ৰ অনুসৰি ৪৮ জনৰ ভিতৰত ১৫ জন বিধায়কৰ নাম চৰ্টলিষ্ট কৰা হৈছে আৰু তাৰ ভিতৰত ৯ জন বিধায়কৰ নাম চৰ্টলিষ্ট কৰা হ’ব । তাৰ পিছত সেই ৯ জনৰ মাজৰ পৰাই মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু অধ্যক্ষৰ নাম নিৰ্ণয় কৰা হ’ব ।
এই নামবোৰৰ আলোচনা তীব্ৰতৰ হৈ পৰিছে-
বৰ্তমান মুখ্যমন্ত্ৰী পদৰ বাবে যিবোৰ নাম চৰ্চিত হৈছে সেইবোৰৰ ভিতৰত ৰেখা গুপ্তা, শিখা ৰায়, প্ৰৱেশ বাৰ্মা, মোহন সিং বিষ্ট, বিজেন্দ্ৰ গুপ্তা, সতীশ উপাধ্যায়, আশীষ সুদ আৰু পৱন শৰ্মাৰ দৰে নাম ।
ৰেখা গুপ্তা আৰু শিখা ৰায়…
ৰেখা গুপ্তা আৰ এছ এছৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছে । শালিমাৰ বাগ আসনৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাবে নিৰ্বাচিত হৈছে তেওঁ । তেওঁ দিল্লী পৌৰ নিগমৰ তিনিবাৰৰ কাউন্সিলাৰ আছিল । আন এটা নাম হৈছে শিখা ৰায়, যি তিনিটা কাৰ্যকালৰ বাবে বিধায়ক হৈ আছে । এইবাৰ তেওঁ বৃহত্তৰ কৈলাশ আসনৰ পৰা কেবিনেট মন্ত্ৰী সৌৰভ ভৰদ্বাজক পৰাস্ত কৰিছিল ।
প্ৰবেশ বাৰ্মাও আছে এই দৌৰত-
এইবাৰ দিল্লীৰ হৈ যুঁজত আটাইতকৈ গুৰুত্বপূৰ্ণ মুখ হিচাপে পৰিগণিত হোৱা প্ৰবেশ বাৰ্মাও এই দৌৰত আছে । নতুন দিল্লীৰ আসনৰ পৰা নিৰ্বাচনত কেজৰিৱালক পৰাস্ত কৰিছে তেওঁ । দুবাৰকৈ বিধায়ক আৰু দুবাৰ সাংসদ হৈ আহিছে তেওঁ । তেওঁ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং বাৰ্মাৰ পুত্ৰ ।
৬ বাৰৰ বিধায়ক মোহন সিং বিষ্ট-
৬ বাৰৰ বিধায়ক মোহন সিং বিষ্টৰ নামো এই দৌৰত আছে । মূলতঃ উত্তৰাখণ্ডৰ বিষ্টে ছাত্ৰ জীৱনত আৰ এছ এছত যোগদান কৰিছিল ।
বিজেন্দৰ গুপ্তাৰ নামো আছে…
দিল্লী বিজেপিৰ ডাঙৰ মুখ বুলি গণ্য কৰা বিজেন্দ্ৰ গুপ্তাও এই দৌৰত আছে । তেওঁ একেৰাহে তিনিবাৰৰ বিধায়ক । তেওঁ দিল্লী বিজেপিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰো সদস্য ।
কোন সতীশ উপাধ্যায়-
একে সময়তে সতীশ উপাধ্যায়ো প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত আছে । ব্ৰাহ্মণ মুখ হোৱাৰ বাবে এইবাৰ নিৰ্বাচনতো জয়ী হৈছে তেওঁ । ইয়াৰ পূৰ্বে তেওঁ দিল্লী বিজেপিৰ ৰাজ্যিক সভাপতিও আছিল । ইয়াৰ বাহিৰেও আন এটা নাম হৈছে প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা আশীষ সুদৰ । বৰ্তমান তেওঁ গোৱা বিজেপিৰ দায়িত্বত আছে আৰু জম্মু-কাশ্মীৰত বিজেপিৰ সহ-প্ৰভাৰী । নৱ-নিৰ্বাচিত বিধায়ক পৱন শৰ্মাৰ নামো আগবাঢ়িছে । এইবাৰ তেওঁ উত্তম নগৰৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে ।
আচলতে দিল্লীত বিজেপিৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই চৰ্চা এতিয়াও চলি আছে কাৰণ নিৰ্বাচনৰ সময়ত বিজেপিয়ে কোনো মুখ ঘোষণা কৰা নাছিল ।