জম্মু আৰু কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা মঙলবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে । ৯০ টা সমষ্টিৰ বাবে জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন ক্ৰমান্বয়ে ১৮ ছেপ্টেম্বৰ, ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল । ইফালে, হাৰিয়ানা বিধানসভাৰ ৯০ খন আসনৰ ভোটগ্ৰহণ ৫ অক্টোবৰত সমাপ্ত হয় । দেশবাসীৰ দৃষ্টি নিৱদ্ধ হৈ আছে দুই ৰাজ্যৰ ভোটগণনাত ।
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনীয়ে মঙলবাৰে ৰাজ্যখনত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে বিজেপিয়ে সততাৰে কাম কৰিছে আনহাতে কংগ্ৰেছে যথেষ্ট দুৰ্নীতি কৰিছে । হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বে ব্ৰহ্মসৰোবৰত অৱস্থিত শ্ৰী দক্ষিণ মুখী হনুমান মন্দিৰত নয়াব সিঙে আশীৰ্বাদ গ্ৰহণ কৰে ।
হাৰিয়ানাৰ মুখ্য নিৰ্বাচনী বিষয়া পংকজ আগৰৱালে কয় যে ৰাজ্যখনৰ ২২ খন জিলাৰ ৯০ টা বিধানসভা সমষ্টিৰ বাবে ৯৩ টা গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে ।
ইফালে, জম্মু-কাশ্মীৰত চৰকাৰ গঠনৰ বাবে সাম্ভাব্য ক্ৰমবিন্যাস আৰু সংমিশ্ৰণক লৈ জল্পনা-কল্পনাৰ মাজতে মঙলবাৰে নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লাই ইতিবাচক ফলাফলৰ আশা প্ৰকাশ কৰিছে ।
ভাৰতীয় নিৰ্বাচন আয়োগে কয় যে জম্মু আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনত সামগ্ৰিকভাৱে ৬৩.৮৮ শতাংশ ভোটদান হৈছিল । নিৰ্বাচনী পেনেলে কয় যে ১ অক্টোবৰত অনুষ্ঠিত তৃতীয় পৰ্যায়ত ৬৯.৬৯ শতাংশ ভোটাৰৰ আছিল । ভোটগণনা কেন্দ্ৰত ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ।
উল্লেখ্য যে, অধিকাংশ এক্সিট প’লৰ মতে হাৰিয়ানাত এইবাৰ গঠন হব পাৰে কংগ্ৰেছ চৰকাৰ । পতন ঘটাৰ সম্ভাৱনা আচে হাৰিয়ানাৰ বিজেপি চৰকাৰৰ । আনহাতে জম্মু-কাশ্মীৰত কংগ্ৰেছ আৰু নেশ্বনেল কনফাৰেঞ্চৰ উত্থানৰ ইংগিত দিছিল এক্সিত প’লে ।