কোৱা হয় যে ক্ৰিকেটত যিকোনো সময়তে যিকোনো ঘটনা ঘটিব পাৰে । এই খেলৰ ইতিহাসত এনে বহু মেচ হৈছে য’ত এজন খেলুৱৈয়ে ভাল খেলিছিল যদিও এটা বলে তেওঁৰ সকলো কষ্টত পানী পেলাই নিৰাশ কৰে । আমি আপোনালোকক কৈছোঁ টেষ্ট ক্ৰিকেটৰ সেইসকল খেলুৱৈৰ বিষয়ে যিসকলে মাত্ৰ এটা ৰাণৰ বাবে যিসকলে শতক হেৰুৱাইছিল, অৰ্থাৎ ৯৯ ৰানত আউট হৈছিল । মাত্ৰ কেইদিনমান পূৰ্বে ভাৰতীয় বেটছমেন তথা উইকেটকীপাৰ ঋষভ পন্তৰ নামো এই তালিকাত অন্তৰ্ভুক্ত হৈছে ।
ঋষভ পন্ত-
এই তালিকাৰ প্ৰথম নাম ঋষভ পন্তৰ । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন টেষ্ট মেচত তেওঁ ৯৯ ৰানত আউট হৈছিল ।
মহেন্দ্ৰ সিং ধোনী-
এই তালিকাত দ্বিতীয় স্থানত আছে মহেন্দ্ৰ সিং ধোনী । ২০১২ চনত ইংলেণ্ডৰ বিৰুদ্ধে খেলা টেষ্ট মেচখনত ধোনী ৯৯ ৰানত আউট হৈছিল । এই টেষ্ট মেচখন নাগপুৰত অনুষ্ঠিত হৈছিল ।
অজিত ৱাডেকাৰ-
এই তালিকাত অজিত ৱাডেকাৰৰ নাম তিনি নম্বৰত । ১৯৬৭ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা মেলবৰ্ণ টেষ্ট মেচত ৱাডেকাৰ ৯৯ ৰানত আউট হৈছিল ।
মুৰালী বিজয়-
ভাৰতৰ অ’পেনিং বেটছমেন মুৰালী বিজয়কো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ২০১৪ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা এডিলেইড টেষ্টত ৯৯ ৰানত আউট হৈছিল মুৰালী বিজয় ।
নৱজ্যোত সিং সিদ্ধু-
ক্ৰিকেটাৰ নৱজ্যোত সিং সিদ্ধুকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ১৯৯৪ চনত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা বেংগালুৰু টেষ্টত তেওঁ ৯৯ ৰানত আউট হৈছিল ।
বীৰেন্দ্ৰ ছেহৱাগ-
২০১০ চনত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টেষ্ট মেচত বীৰেন্দ্ৰ ছেহৱাগে ৯৯ ৰান সংগ্ৰহ কৰি আউট হৈছিল ।
সৌৰভ গাংগুলী-
সৌৰভ গাংগুলীকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । সৌৰভ ৯৯ ৰানত এবাৰ নহয় দুবাৰ আউট হৈছে । প্ৰথমবাৰৰ বাবে ১৯৯৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে আৰু দ্বিতীয়বাৰ ২০০২ চনত নটিংহামত ইংলেণ্ডৰ বিৰুদ্ধে ।