আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই আমাৰ পৰা বিদায় ল’ব ২০২৪ বৰ্ষই । ২০২৪ বৰ্ষটোৱে দেশবাসীক সকলো ক্ষেত্ৰতে দিলে মিশ্ৰিত অভিজ্ঞতা । এই বছৰটোতে ৰাজনীতিৰ পৰা সংস্কৃতিলৈ, ব্যৱসায়ৰ পৰা ক্ৰীড়ালৈ দেশত ঘটিল অনেক গুৰুত্বপূৰ্ণ পৰিঘটনা । এই বছৰটোৱে এৰি থৈ গৈছে কিছু ঐতিহাসিক পৰিঘটনা যিয়ে হয়তো দেশৰ ৰাজনৈতিক পৰিস্থিতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব । এই বছৰটোতে নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ইতিহাস ৰচনা কৰে । গতিকে ৰাজনৈতিক ক্ষেত্ৰখনত ২০২৪ বৰ্ষত ঘটা কেইটামান গুৰুত্বপূৰ্ণ পৰিঘটনাৰ ওপৰত চকু ফুৰাওঁ আহক ।
লোকসভা নিৰ্বাচন ২০২৪-
১৯ এপ্ৰিলৰ পৰা ১ জুনৰ ভিতৰত ৭টা পৰ্যায়ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচন আছিল ২০২৪ বৰ্ষৰ অন্যতম বৃহৎ পৰিঘটনা । ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ শাসকীয় মিত্ৰজোঁটে নিজৰ নিৰ্ধাৰিত লক্ষ্য – ‘অবকি বাৰ ৪০০ পাৰ’ হ’বলৈ সক্ষম নহ’ল । যদিও এন ডি এয়ে ৪০০ৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলেও কিন্তু ক্ষমতা অক্ষুণ্ণ ৰাখিলে । যাৰ ফলত নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সক্ষম হয় । আনহাতে, বিৰোধীৰ ইণ্ডি ব্লকে ৰাজনৈতিক সৌভাগ্য অৰ্জন কৰাত ব্যৰ্থ হয় । অৱশ্যে কংগ্ৰেছে ৫২ৰ পৰা ৯৯খনলৈ আসন বৃদ্ধি কৰাত সফল হৈছিল ।
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন-
২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে ৰাজনৈতিক বিশেষজ্ঞসকলক আচৰিত কৰি তুলিছিল । কিয়নো ৰাজ্যখনৰ লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা শাসকীয় মহাযুটীয়ে ব্যাপক জয় লাভ কৰিব বুলি কোনেও আশা কৰা নাছিল । লোকসভা নিৰ্বাচনত হোৱা পৰাজয় অতিক্ৰমি বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৩২খন আসন লাভ কৰাৰ বিপৰীতে একনাথ শিন্দেৰ শিৱসেনা আৰু অজিত পাৱাৰৰ এন চি পিয়ে ক্ৰমে ৫৭ আৰু ৪১খন আসন লাভ কৰে । ইফালে কংগ্ৰেছ নেতৃত্বাধীন মহা বিকাশ আঘাড়ীয়ে এই নিৰ্বাচনত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত দলটোৱে আটাইতকৈ শোচনীয় প্ৰদৰ্শন কৰি মাত্ৰ ১৬খন আসনহে লাভ কৰে । শৰদ পাৱাৰৰ এন চি পি (এছ পি)য়ে মাত্ৰ ১০ খন আসন লাভ কৰাৰ বিপৰীতে উদ্ধৱ থাকৰে (ইউ বি টি)য়ে ২০ খন আসন লাভ কৰে ।
জম্মু-কাশ্মীৰ নিৰ্বাচন-
২০১৯ চনত বাতিল হোৱা ৩৭০ অনুচ্ছেদৰ অধীনত ৰাজ্যখনক বিশেষ মৰ্যাদা প্ৰদান কৰাৰ এদশক পিছত অনুষ্ঠিত হোৱাৰ বাবে ২০২৪ চনৰ জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয় । ওমৰ আব্দুল্লাহ নেতৃত্বাধীন নেশ্যনেল কনফাৰেন্স (এন চি)য়ে এই নিৰ্বাচনত দৰ্শনীয় প্ৰত্যাৱৰ্তন কৰি ৪২খন আসন লাভ কৰে । বিজেপিয়ে ২৯খন আসন লাভ কৰাৰ বিপৰীতে মেহবুবা মুফতীৰ পি ডি পি-এ ১০খন আসন লাভ কৰে ।
হাৰিয়ানা নিৰ্বাচন-
ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত ক্ষমতা অক্ষুণ্ণ ৰাখে, য’ত এগজিট প’লত ক্ষমতা বিৰোধী ঢৌৰ দাবী কৰা হৈছিল । অৱশ্যে সেই সকলো এগজিট প’ল মিছা প্ৰমাণিত হয় । বিজেপিৰ সময়মতে মুখ্যমন্ত্ৰী সলনি কৰা কৌশলে (মনোহৰ লাল খট্টৰৰ ঠাইত নয়াব সিং ছৈনীক অধিষ্ঠীত কৰা) এই নিৰ্বাচনত কাম কৰিছিল ।
অৰবিন্দ কেজৰিৱালৰ পদত্যাগ-
দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰাৰ বাবে দৃঢ়তাৰে অটল অৰবিন্দ কেজৰিৱালে ১৭ ছেপ্টেম্বৰত এক আশ্চৰ্যকৰ পদক্ষেপেৰে পদত্যাগ কৰি দলৰ সহযোগী আতিশীক এই পদ গ্ৰহণ কৰাৰ পথ মুকলি কৰি দিয়ে । আবকাৰী নীতি কেলেংকাৰী গোচৰত, জামিনত কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত কেজৰিৱালে প্ৰতিজ্ঞা কৰিছিল যে দিল্লীৰ জনসাধাৰণে ক্লিন চিট দিয়াৰ পিছতহে তেওঁ এই পদগ্ৰহণ কৰিব ।
জেললৈ গ’ল হেমন্ত ছোৰেন-
ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ বাবে ২০২৪ বৰ্ষটো অভূতপূৰ্ব আছিল । নতুন বছৰটোৱে তেওঁৰ বাবে এক ডাঙৰ জোকাৰণি কঢ়িয়াই আনিছিল, কিয়নো তেওঁ জানুৱাৰী মাহত খননৰ অভিযোগত জেললৈ যাবলগীয়া হয় । অৱশ্যে পিছত তেওঁ মুক্তি লাভ কৰে । জামিন লাভ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিৰোধী বিজেপিক পৰাস্ত কৰে । ২০২৪ চনৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত তেওঁৰ দলটোৱে ৩৪খন আসন লাভ কৰে আৰু তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠীত হয় ।
মণিপুৰ বিষয়-
২০২৩ চনৰ মে’ মাহত মেইটেই আৰু কুকি-সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পিছত আৰম্ভ হোৱা জাতিগত হিংসাৰ বিষয়টো ২০২৪ চনতো সমাধান নোহোৱা বিষয় হৈয়ে থাকিল । এইবাৰো কেইবাবাৰো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ ফলত উত্তৰ-পূব ৰাজ্যখনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে ।
প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ নিৰ্বাচনী অভিষেক-
নেহৰু-গান্ধী পৰিয়ালৰ আন এগৰাকী সদস্য প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৱায়ানাদ লোকসভাৰ উপ-নিৰ্বাচনত ৬৪.৯৯% ভোটৰে জয়লাভ কৰি নিৰ্বাচনী অভিষেক ঘটায় । ভাতৃ ৰাহুল গান্ধীয়ে খালী কৰা লোকসভাৰ আসন ৱায়ানাদৰ পৰা প্ৰিয়ংকাই বিপুল ব্যৱধানত জয়লাভ কৰে ।
উত্তৰ প্ৰদেশত ৰাহুল গান্ধীৰ প্ৰত্যাৱৰ্তম-
২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল – ৱায়ানাদ আৰু ৰায়বৰেলী । দুয়োখন আসনতে তেওঁ জয়লাভ কৰে । গান্ধীয়ে তেওঁৰ পৰিয়ালৰ দুৰ্গ হিচাপে পৰিগণিত হোৱা ৰায়বৰেলী আসনখন অক্ষুণ্ণ ৰখাৰ সিদ্ধান্ত লয় । এয়া আছিল গান্ধীৰ বাবে দক্ষিণৰ পৰা উত্তৰলৈ এক বৃহৎ পৰিৱৰ্তন ।
নবীন পাটনায়কৰ পৰাজয়-
নবীন পাটনায়ক নিঃসন্দেহে ওড়িশাৰ আটাইতকৈ ডাঙৰ ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈ আহিছে যদিও ২০২৪ বৰ্ষটো তেওঁৰ বাবে এক ডাঙৰ বিপৰ্যয় হিচাপে প্ৰমাণিত হ’ল । বিজেপিৰ হাতত অপ্ৰত্যাশিত পৰাজয়ৰ সন্মুখীন হ’ল পাটনায়ক । ওড়িশা বিধানসভা নিৰ্বাচনত শাসকীয় দলটোৰ আসনৰ সংখ্যা ৫১খনলৈ হ্ৰাস পোৱাৰ বিপৰীতে গেৰুৱা দলটোৱে ৭৮খন আসন লাভ কৰি পাটনায়কৰ ২৪ বছৰীয়া শাসনৰ অন্ত পেলায় ।