বাংলাদেশৰ পৰিস্থিতি ক্ৰমাগতভাৱে অধিক অশান্ত হৈ পৰিছে । শেহতীয়াকৈ এই ইছলামিক দেশখনত পুনৰবাৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ মহম্মদ ইউনুছ চৰকাৰে ‘অপাৰেচন ডেভিল হাণ্ট’ (Operation Devil Hunt) আৰম্ভ কৰিছে । এই অভিযানৰ অধীনত বাংলাদেশৰ নিৰাপত্তা বাহিনীয়ে ১৩০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ জৰিয়তে বাংলাদেশত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সমৰ্থকক লক্ষ্য কৰি লোৱা হৈছে নেকি বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে ?
উল্লেখ্য যে কিছুদিন পূৰ্বে বাংলাদেশত দুস্কৃতিকাৰীয়ে শ্বেখ হাছিনাৰ দল আৱামি লীগৰ নেতাক লক্ষ্য কৰি লৈছিল । এই হিংসাত বহু সংখ্যক লোক আহত হয় । এই সময়ছোৱাত শ্বেখ হাছিনাৰ পৰিয়াল আৰু আৱামী লীগৰ সৈতে জড়িত বিভিন্ন পৰিচয়ৰ ওপৰত আক্ৰমণ চলোৱা হয় ।
ইফালে মহম্মদ ইউনুছৰ নেতৃত্বত চৰকাৰে দেশত অশান্তি বিয়পোৱা শক্তিক সম্পূৰ্ণৰূপে উভালি পেলাব বুলি স্পষ্টকৈ কৈছে ।
অপাৰেচন ডেভিল হাণ্ট কি ?
অপাৰেচন ডেভিল হাণ্ট সন্দৰ্ভত ইউনুছ চৰকাৰে কৈছে যে পূৰ্বৰ একনায়কত্ববাদী চৰকাৰৰ সৈতে জড়িত লোকসকলে গাজীপুৰত ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰাৰ বাবেই এই অভিযান আৰম্ভ কৰা হৈছে । চৰকাৰৰ গৃহ উপদেষ্টা জাহাংগীৰ আলম চৌধুৰীয়ে কয় যে সকলো “চয়তান”ক ন্যায়ৰ কাঠগঢ়াত থিয় নকৰোৱালৈকে এই অভিযান অব্যাহত থাকিব । চৌধুৰীয়ে কয় যে এটাও ‘চয়তান’ক ৰেহাই দিয়া নহ’ব । তেওঁ কয় যে এই অভিযান সেইসকল লোকৰ বিৰুদ্ধে যিয়ে আইনৰ বিৰোধিতা কৰি ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰিছিল ।
মুজিবুৰ ৰহমানৰ ঘৰত অগ্নিসংযোগ-
উল্লেখ্য যে যোৱা সপ্তাহত বুধবাৰে বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ ঘৰত হাজাৰ হাজাৰ লোকে অগ্নি সংযোগ কৰিছিল । শ্বেখ মুজিবুৰ ৰহমানে বাংলাদেশ সৃষ্টিৰ বাবে যুঁজি বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল । দুস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰা ঘৰটো ১৯৭১ চনত মুজিবুৰ ৰহমানে বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰা ঠাই আছিল । হিংসাত্মক ঘটনাৰ পিছত শ্বেখ হাছিনাই ছ’চিয়েল মিডিয়াত সমৰ্থকসকলক সম্বোধন কৰি কয় যে বাংলাদেশৰ ইতিহাস বুলডজাৰেৰে মচিব নোৱাৰি ।
ভাৰতত আশ্ৰয় শ্বেখ হাছিনাৰ-
যোৱা বছৰ বাংলাদেশত যেতিয়া শ্বেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ হৈছিল তেতিয়া তেওঁ ভাৰতত আশ্ৰয় ল’বলৈ বাধ্য হৈছিল । তেতিয়াৰ পৰাই ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আহিছে ৭৭ বছৰীয়া শ্বেখ হাছিনাই ।