শুকুৰবাৰে ৰাজতন্ত্ৰৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ পিছত নেপালৰ কাঠমাণ্ডুত পৰিস্থিতি উত্তেজনাময় হৈ আছে । কিন্তু কিছু অঞ্চলত শান্তি ঘূৰি অহা দেখি আৰক্ষীয়ে উঠাই লৈছে সান্ধ্য আইন । ইফালে বৰ্তমানলৈকে এশৰো অধিক ৰাজতন্ত্ৰৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে ।
শুকুৰবাৰে নেপালৰ কাঠমাণ্ডুত ৰাজতন্ত্ৰ সমৰ্থকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । টিংকুনে অঞ্চলৰ এটা ঘৰত অগ্নিসংযোগ কৰে দুস্কৃতিকাৰীয়ে । সমৰ্থকসকলে শিলগুটি নিক্ষেপ কৰি এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত আক্ৰমণ চলায় । যান-বাহন অগ্নিসংযোগ কৰাৰ লগতে দোকান-পোহাৰ লুটপাত কৰে । ইয়াৰ উপৰিও দুস্কৃতিকাৰীয়ে নিৰাপত্তাৰক্ষীৰ বাধা ভাঙিবলৈও চেষ্টা কৰে, যাৰ বাবে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । এই সংঘৰ্ষৰ সময়তে নিহত হয় দুজন লোক । ইয়াৰ পিছতে শুকুৰবাৰে সন্ধিয়া ৪.২৫ বজাৰ পৰা বহু অঞ্চলত সান্ধ্য আইন জাৰি কৰা হয় । শনিবাৰে পুৱা ৭ বজাত সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হয় ।
আন্দোলনৰ আহ্বায়ক দুৰ্গা প্ৰসাদে নিৰাপত্তাৰ বাধা ভঙাৰ পিছতে প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । বুলেটপ্ৰুফ গাড়ী এখনত উঠি তেওঁ বানেশ্বৰৰ ফালে আগবাঢ়িছিল । ইতিমধ্যে আৰক্ষীয়ে এশজন লোকক গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ সাধাৰণ সম্পাদক ধৱাল শমশ্বেৰ ৰাণা আৰু দলটোৰ এজন কেন্দ্ৰীয় সদস্য ৰবীন্দ্ৰ মিশ্ৰ ।
কাঠমাণ্ডু জিলা আৰক্ষী ৰেঞ্জৰ আৰক্ষী অধীক্ষক অপিল বহৰাই জানিবলৈ দিয়া মতে, প্ৰসাদ নামৰ মূল লোকজন এতিয়াও পলাতক হৈ আছে । এই হিংসাত্মক সংঘৰ্ষত ৫৩ জন আৰক্ষী জোৱান, ২২ জন সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান আৰু ৩৫ জন প্ৰতিবাদকাৰী আহত হয় । প্ৰতিবাদৰ সময়ত ১৪টা অট্টালিকাত অগ্নি সংযোগ কৰাৰ লগতে ৯টা অট্টালিকা ভাঙি পেলোৱা হয় । ৯ খন চৰকাৰী বাহনত অগ্নিসংযোগ কৰাৰ লগতে ৬ খন ব্যক্তিগত বাহন ভাঙি লণ্ডভণ্ড কৰে প্ৰতিবাদকাৰীয়ে ।
সমৰ্থকসকলে ২০০৮ চনৰ পৰা ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবী জনাই আহিছে-
উল্লেখ্য যে ২০০৮ চনত সংসদীয় ঘোষণাৰ জৰিয়তে নেপালৰ ৰাজনৈতিক দলসমূহে ২৪০ বছৰীয়া ৰাজতন্ত্ৰ বিলুপ্ত কৰি হিন্দু ৰাষ্ট্ৰখনক ধৰ্মনিৰপেক্ষ, ফেডাৰেল, গণতান্ত্ৰিক গণৰাজ্যলৈ ৰূপান্তৰিত কৰে । তেতিয়াৰ পৰাই ৰাজতন্ত্ৰবাদী সমৰ্থকসকলে ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবী উত্থাপন কৰি আহিছে । প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰই গণতন্ত্ৰ দিৱসত (১৯ ফেব্ৰুৱাৰী) ভিডিঅ’ বাৰ্তাযোগে সমৰ্থনৰ বাবে আবেদন জনাইছিল ।