ঔৰংজেবৰ সমাধিক লৈ নাগপুৰত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছে । বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ দৰে হিন্দু সংগঠনে ধাৰাবাহিকভাৱে কবৰটো আঁতৰোৱাৰ দাবী উত্থাপন কৰি আহিছে । তেওঁলোকৰ দাবীৰ সমৰ্থনত সোমবাৰে পুৱা নাগপুৰত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় । প্ৰতিবাদৰ সময়ত একাংশ সংগঠনে প্ৰতীকীভাৱে ঔৰংজেবৰ ‘কবৰ’ দাহ কৰে । ইয়াৰ পিছত সংঘটিত হয় হিংসাত্মক পৰিস্থিতি । এই ঘটনাত একাংশ আৰক্ষী জোৱানো আহত হয় ।
দাহ কৰাৰ সময়ত ব্যৱহাৰ কৰা চাদৰখনক লৈ বিতৰ্কৰ সৃষ্টি হয়, কিয়নো মুছলমান সম্প্ৰদায়ে দাবী কৰিছিল যে সেই চাদৰখনত ধৰ্মীয় কথা লিখা আছিল, যিয়ে তেওঁলোকৰ আৱেগক আঘাত কৰা বুলি অভিযোগ কৰিছে । ইয়াৰ বাবেই নগপুৰৰ মহল এলেকাত শিৱাজী প্ৰতিমূৰ্তিৰ সন্মুখত মুছলমান সম্প্ৰদায়ৰ লোকে সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
বজৰং দলৰ কৰ্মীৰ বিৰুদ্ধে অভিযোগ!
পৰিস্থিতি নিয়ন্ত্ৰণ কৰি নাগপুৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীক তাৰ পৰা ছত্ৰ ভংগ দিয়াই । কিন্তু ইয়াৰ পিছতে মুছলমান সম্প্ৰদায়ৰ একাংশ লোক গণেশ পেঠ থানাত উপস্থিত হৈ বজৰং দলৰ কৰ্মীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে যিকোনো সংঘৰ্ষ প্ৰতিহত কৰিবলৈ শিৱাজী প্ৰতিমূৰ্তিৰ চাৰিওফালে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।
সন্ধিয়ালৈ দুয়োটা গোটৰ মাজত পৰিস্থিতি আৰু অধিক উত্তেজনাপূৰ্ণ হৈ পৰে । দুয়োপক্ষৰ মাজত হোৱা বিবাদ সংঘৰ্ষলৈ পৰিণত হয় । এই সময়ছোৱাত ৰাজহুৱা সা-সম্পত্তিৰ ক্ষতিৰ অভিযোগ উত্থাপন হৈছে আৰু কিছুমান ঠাইত অগ্নিসংযোগো সংঘটিত হৈছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰি উত্তেজিত লোকক ছত্ৰভংগ দিয়াই ।
হিংসা ক্ষতিগ্ৰস্ত অঞ্চলত মোতায়েন RAF-
আৰক্ষীৰ তীব্ৰ নিৰাপত্তাৰ অধীনত হিংসাত্মক অঞ্চলসমূহত ৰেপিড একচন ফৰ্চ মোতায়েন কৰা হৈছে । অগ্নিনিৰ্বাপক বাহিনীয়ে অধিক ক্ষতি ৰোধ কৰিবলৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । আৰক্ষীয়ে এতিয়া এই হিংসাত্মক ঘটনাৰ লগত জড়িত লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ কাম কৰি আছে ।
শান্তিৰ বাবে আবেদন জনাইছে নীতিন গাডকাৰীয়ে-
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে নাগপুৰবাসীক শান্তি বজাই ৰাখিবলৈ আৰু আইন মানি চলিবলৈ আহ্বান জনাইছে । এনে ঘটনাই মহানগৰীৰ শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰে বুলিও তেওঁ কয় । উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদি শান্তি বজাই ৰাখিবলৈ স্থানীয় প্ৰশাসনে আহ্বান জনাইছে ।