১৫ বছৰৰ অন্তত ন্যায়: ৯ আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় আদালতৰ

এজন প্ৰাক্তন থানা প্ৰভাৰীসহ ৯ গৰাকী আৰক্ষী কৰ্মীক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে

মহাৰাষ্ট্ৰৰ ৱাশ্বিম জিলা আদালতৰ এক ঐতিহাসিক ৰায় । আৰক্ষীৰ জিম্মাত হোৱা এক নিৰ্মম হত্যাকাণ্ডৰ গোচৰত আদালতৰ মজিয়াত দোষী সাব্যস্ত হ’ল খাকী পোছাকধাৰী । এজন প্ৰাক্তন থানা প্ৰভাৰীসহ ৯ গৰাকী আৰক্ষী কৰ্মীক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে । ১৫ বছৰীয়া এক দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত অৱশেষত ন্যায় পালে এজন দুৰ্ভগীয়া মৃত যুৱকৰ বৃদ্ধ পিতৃ-মাতৃয়ে ।

নিশা ৩ বজাত ঘৰৰ পৰা উঠাই আনিছিল আৰক্ষীয়ে

এই জঘন্য ঘটনাটো সংঘটিত হৈছিল আজিপৰা প্ৰায় ১৫ বছৰ পূৰ্বে, ১০ মে’ত মহাৰাষ্ট্ৰৰ ৰিচোড আৰক্ষী থানাত । আৰক্ষীয়ে নিশা প্ৰায় ৩ বজাত পাৰ্ধী সম্প্ৰদায়ৰ বেগ্যা পাৱাৰ নামৰ এজন যুৱকক কেৱল সোধা-পোছা কৰাৰ নামত তেওঁৰ ঘৰৰ পৰা উঠাই আনিছিল । কিন্তু থানালৈ অনাৰ পিছতেই আৰক্ষীৰ লোকসকলে যুৱকজনৰ ওপৰত চলাইছিল অমানুষিক অত্যাচাৰ । জিম্মাতে নিৰ্মম প্ৰহাৰৰ ফলত থিতাতে মৃত্যু হৈছিল নিৰ্দোষ যুৱকজনৰ । জানিব পৰা মতে, মৃত যুৱকজনৰ বিৰুদ্ধে পূৰ্বৰ কোনো অপৰাধমূলক ৰেকৰ্ড নাছিল আৰু ঘটনাৰ মাত্ৰ এবছৰ পূৰ্বেহে তেওঁৰ বিবাহ সম্পন্ন হৈছিল ।

এজাহাৰ ল’বলৈ অমান্তি হৈছিল আৰক্ষী

পুত্ৰৰ আকস্মিক মৃত্যুৰ পিছত যেতিয়া বৃদ্ধ পিতৃ-মাতৃয়ে ন্যায় বিচাৰি ৰিচোড আৰক্ষী থানাত উপস্থিত হৈছিল, তেতিয়া তেওঁলোকক সহযোগিতা কৰাৰ বিপৰীতে খেদিহে পঠিওৱা হৈছিল । আনকি যিগৰাকী থানা প্ৰভাৰীৰ নাম এজাহাৰত আছিল, তেওঁ নিজেই গোচৰ ৰুজু কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল । যুৱকজন পাৰ্ধী সম্প্ৰদায়ৰ হোৱাৰ বাবে এই ঘটনাৰ বিৰুদ্ধে সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিবাদ আৰু গণ-বিক্ষোভ গঢ়ি উঠিছিল । পৰৱৰ্তী সময়ত মৰণোত্তৰ আৰু চিকিৎসা পৰীক্ষাত প্ৰকাশ পাইছিল যে আৰক্ষীৰ মাৰধৰৰ ফলত যুৱকজনৰ শৰীৰৰ কেইবাডালো গুৰুত্বপূৰ্ণ হাড় ভাঙি গৈছিল ।

চিআইডি-ৰ সূক্ষ্ম তদন্ত আৰু চাৰ্জশ্বীট

গোচৰটোৰ গুৰুত্ব আৰু সংবেদনশীলতা লক্ষ্য কৰি ইয়াৰ তদন্তৰ দায়িত্ব চিআইডি বিষয়া আনৱাৰ শ্বেখক অৰ্পণ কৰা হয় । চিআইডি বিষয়াগৰাকীয়ে অত্যন্ত সততা আৰু সূক্ষ্মতাৰে ঘটনাৰ প্ৰতিটো দিশ পৰীক্ষা কৰি আদালতত এক শক্তিশালী অভিযোগনামা দাখিল কৰে । এই চাৰ্জশ্বীটত বেগ্যা পাৱাৰৰ ওপৰত আৰক্ষী থানাত কেনেকৈ আৰু কিমান নৃশংসভাৱে থাৰ্ড ডিগ্ৰী প্ৰয়োগ কৰা হৈছিল, তাৰ পুংখানুপুংখ বিৱৰণ দাঙি ধৰা হৈছিল ।

১৫ বছৰৰ অন্তত কাৰাগাৰলৈ খাকী পোছাকধাৰী গুণ্ডা

ৱাশ্বিম জিলা সত্ৰ আদালতৰ ন্যায়াধীশ ঝাপাটেই সমগ্ৰ সাক্ষ্য-প্ৰমাণৰ ভিত্তিত ঐতিহাসিক ৰায়দান কৰি তদানীন্তন ৰিচোড থানাৰ প্ৰভাৰী মহাদেৱ মাণিক ধাণ্ডে আৰু আন ৮ গৰাকী আৰক্ষী কৰ্মীক দোষী সাব্যস্ত কৰে । উল্লেখ্য যে, এই ৯ জন অভিযুক্তৰ ভিতৰত দুজন আৰক্ষী কৰ্মীয়ে ইতিমধ্যে চাকৰিৰ পৰা অৱসৰো গ্ৰহণ কৰিছে । আদালতৰ ৰায়ৰ পিছতেই সকলোকে প্ৰথমে ৱাশ্বিম কাৰাগাৰ আৰু পৰৱৰ্তী সময়ত অমৰাৱতী কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে ।

ইফালে আদালতৰ এই ৰায়দানৰ পিছত  কান্দি কান্দি সন্তোষ প্ৰকাশ কৰে যুৱকগৰাকীৰ বৃদ্ধ পিতৃ-মাতৃয়ে ।

লগতে পঢ়ক : স্কুল বাছৰ ওপৰত গছ বাগৰি ছাত্ৰৰ কৰুণ ঘটনা, হাহাকাৰ পৰিস্থিতি

শাস্তি দিয়াটো আদালতৰ অধিকাৰ, আৰক্ষী নহয়ঃ এনকাউন্টাৰক লৈ কঠোৰ উচ্চ ন্যায়ালয়

এনকাউন্টাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ ধাৰাক লৈ উচ্চ ন্যায়ালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । বিচাৰপীঠে উল্লেখ কৰে যে আৰক্ষী আইনৰ ওপৰত নহয় আৰু অপৰাধীক শাস্তি দিয়াটো আৰক্ষীৰ নহয়, ন্যায়পালিকাৰ দায়িত্ব ।

উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউণ্টাৰৰ সংখ্যা বৃদ্ধি পোৱা, বিশেষকৈ অভিযুক্তৰ ভৰিত গুলীচালনা কৰি “এনকাউণ্টাৰ” ঘোষণা কৰাৰ ধাৰাক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । প্ৰয়াগৰাজৰ ন্যায়াধীশ অৰুণ কুমাৰ দেশৱালৰ একক বিচাৰপীঠে উল্লেখ কৰে যে আৰক্ষী আইনৰ ওপৰত নহয় আৰু অপৰাধীক শাস্তি দিয়াটো আৰক্ষীৰ নহয়, ন্যায়পালিকাৰ দায়িত্ব ।

আদালতে কয় যে প্ৰচাৰ, হাতচাপৰি বা ছ’চিয়েল মিডিয়াৰ মনোযোগৰ বাবে গুলীচালনা কৰাৰ প্ৰৱণতা কেৱল ভুলেই নহয়, বিপদজনকো । লগতে আদালতে স্পষ্ট কৰি দিয়ে যে অভিযুক্তৰ শৰীৰৰ যিকোনো অপ্ৰয়োজনীয় অংশত গুলীচালনা কৰাটোও আইনগতভাৱে গ্ৰহণযোগ্য নহয় । যদি কোনো এনকাউণ্টাৰত গুলীচালনা বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তেন্তে কঠোৰ নিয়ম স্বয়ংক্ৰিয়ভাৱে প্ৰযোজ্য হ’ব ।

উচ্চ ন্যায়ালয়ে আৰক্ষীৰ বাবে ৬ দফীয়া গাইডলাইন জাৰি কৰি ইয়াক মানি চলাটো বাধ্যতামূলক কৰি পি ইউ চি এল বনাম মহাৰাষ্ট্ৰ গোচৰত উল্লেখ কৰা উচ্চতম ন্যায়ালয়ৰ গাইডলাইন কঠোৰভাৱে বলবৎ কৰাৰ নিৰ্দেশ দিয়ে । এই নিৰ্দেশনাসমূহ পালন নকৰিলে সংশ্লিষ্ট আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকক পোনপটীয়াকৈ দায়ী কৰা হ’ব আৰু ব্যক্তিগত অৱজ্ঞাৰ গোচৰৰ সন্মুখীন হ’ব পাৰে বুলি আদালতে সকীয়াই দিয়ে ।

আদালতে আৰক্ষী সঞ্চালক প্ৰধান আৰু গৃহ সচিবক আৰক্ষী বিষয়াক অভিযুক্তৰ ভৰিত গুলী মাৰিবলৈ বা এনকাউণ্টাৰৰ দাবী কৰিবলৈ কোনো মৌখিক বা লিখিত নিৰ্দেশনা দিয়া হৈছে নেকি বুলিও প্ৰশ্ন কৰে । আদালতে মন্তব্য কৰে যে এই প্ৰথা এতিয়া নিয়মিত হৈ পৰিছে, হয় উৰ্ধতন বিষয়াক সন্তুষ্ট কৰিবলৈ নহয় অভিযুক্তক শিক্ষা দিবলৈ ।

মিৰ্জাপুৰৰ দুজন অভিযুক্তই দাখিল কৰা জামিন আবেদনৰ শুনানিৰ সময়ত এই মন্তব্য কৰে উচ্চ ন্যায়ালয়ে । আৰক্ষীৰে পৃথক সংঘৰ্ষত এই অভিযুক্ত আহত হৈছিল । এই ঘটনাত কোনো আৰক্ষী বিষয়া আহত হোৱা নাই বুলি আদালতে লক্ষ্য কৰি অস্ত্ৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক : চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ; অনুমতি অবিহনে খুলিব নোৱাৰিব ছ’চিয়েল মিডিয়া একাউণ্ট

পাক অধিকৃত কাশ্মীৰত প্ৰতিবাদৰ জুই; আৰক্ষীৰ গুলিত নিহত প্ৰতিবাদকাৰী

পাক অধিকৃত কাশ্মীৰত প্ৰতিবাদৰ জুই

পাক অধিকৃ কাশ্মীৰত দেখা গৈছে বিদ্ৰোহৰ দাবানল । এই বিদ্ৰোহে পাকিস্তান চৰকাৰ আৰু সেনা দুয়োকে শলঠেকত পেলাইছে । ড’নৰ বাতৰি অনুসৰি পাক অধিকৃত কাশ্মীৰৰ প্ৰধানমন্ত্ৰী চৌধুৰী আনোৱাৰুল হক আৰু পাকিস্তানৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী তাৰিক ফজল চৌধৰীয়ে প্ৰতিবাদৰ ফলত সৃষ্টি হোৱা অশান্তি দূৰ কৰাৰ বাবে যুটীয়া আৱামী একচন কমিটীক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে । PoK ত হোৱা বিদ্ৰোহে হিংসাৰ ৰূপ লৈছে, আছিম মুনীৰৰ সেনাৰ গুলীত ৮ জন লোক নিহত হোৱাৰ বিপৰীতে আনফালে তিনিজন আৰক্ষীৰ লোকেও প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিগত তিনিদিন ধৰি চলি থকা ধৰ্মঘটৰ লগতে প্ৰশাসনে জাৰি কৰা যোগাযোগ ব্লেকআউট (ইণ্টাৰনেট আৰু কল নিষেধাজ্ঞা)ৰ ফলত PoK ত বিশৃংখলতাৰ সৃষ্টি কৰিছে । শৰণাৰ্থীৰ বাবে অভিজাত বিশেষাধিকাৰ আৰু সংৰক্ষিত আসনৰ দৰে বিষয়ক লৈ PoK ত চৰকাৰ আৰু ফেডাৰেল মন্ত্ৰীসকলৰ সৈতে আলোচনা বিচ্ছিন্ন হোৱাৰ পিছত যুটীয়া আৱামি একচন কমিটীয়ে আন্দোলন তীব্ৰতৰ কৰি তুলিছে । তেতিয়াৰ পৰাই হিংসাত্মক ঘটনা বৃদ্ধি পাইছে । বুধবাৰে ইছলামবাগত এখন যৌথ সংবাদমেলত ভাষণ দি চৌধুৰী আনোৱাৰুল হকে কয় যে আলোচনা হৈছে অধিকাৰ লাভৰ এক “সভ্য” উপায়, আৰু চৰকাৰে জে এ এ চিক পুনৰ টেবুললৈ আমন্ত্ৰণ জনাইছে ।

৮ প্ৰতিবাদকাৰী আৰু ৩ আৰক্ষী জোৱান নিহত-

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি পাক অধিকৃত কাশ্মীৰত এই প্ৰতিবাদৰ মাজতে কমেও তিনিজন আৰক্ষী নিহত হোৱাৰ লগতে কেইবা ডজনো আহত হয় । ইফালে বিদ্ৰোহ দমন কৰিবলৈ পাকিস্তানী সেনা আৰু নিৰাপত্তা বাহিনীয়ে নিজৰ গুলীচালনা কৰিবলৈয়ো কুণ্ঠাবোধ কৰা নাই । বুধবাৰে সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদত ৮ জন লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হয় ।

লগতে পঢ়ক : ‘যদি কাটাৰক আক্ৰমণ কৰা হয়…’; নেতানিয়াহুক ট্ৰাম্পৰ মুকলি সতৰ্কবাণী

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত উদ্ভণ্ডালি নছলিব… মহানগৰ আৰক্ষী আয়ুক্ত আহ্বান

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত উদ্ভণ্ডালি নছলিব

-নিশা ৯বজাৰ পিছত জুবিনৰ ঘৰলৈ নাহিব

-জুবিনৰ অনুৰাগীক আহ্বান মহানগৰ আৰক্ষীৰ

-পিতৃৰ অসুস্থতাৰ প্ৰতি লক্ষ ৰাখি এই আহ্বান আৰক্ষীৰ

-জুবিনৰ ঘৰত কোনেও অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ’বলৈ নিদিয়াৰ আহ্বান আৰক্ষীৰ

-জুবিনৰ প্ৰকৃত অনুৰাগীয়ে কেতিয়াও উদ্ভণ্ডালি নকৰে বুলি মন্তব্য আৰক্ষী আয়ুক্তৰ

-অসাধু চক্ৰক নাকী লগাবলৈ আৰক্ষীয়ে মুকলি কৰিলে HELPLINE NUMBER

-১১২ নম্বৰত ডায়েল কৰি জনাওক আৰক্ষীক

-উদ্ভণ্ডালি কৰা লোকক চিনাক্ত কৰাটো জুবিন অনুৰাগীৰো দ্বায়িত্ব বুলি মন্তব্য পাৰ্থ সাৰথি মহন্তৰ

-ৰাইজলৈ আহ্বান আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তৰ

লগতে পঢ়ক : জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ আনিবলৈ দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

বংগত পুনৰ হিংসাত্মক পৰিস্থিতি… দক্ষিণ ২৪ পৰগনাত আৰক্ষীৰ সৈতে আই এছ এফৰ কৰ্মীৰ সংঘৰ্ষ, বাহনত অগ্নিসংযোগ

পশ্চিম বংগৰ ভাংগাৰ অঞ্চলত সংঘটিত হৈছে হিংসাত্মক ঘটনা । আই এছ এফ (ইণ্ডিয়ান চেকুলাৰ ফ্ৰণ্ট)ৰ সমৰ্থকসকলক কলকাতা অভিমুখে পদযাত্ৰা কৰাত বাধা দিয়াৰ লগে লগে পৰিস্থিতি উত্তেজিত হৈ পৰে । আৰক্ষীয়ে পথ অৱৰোধ কৰাৰ লগে লগে প্ৰতিবাদকাৰীসকল হিংসাত্মক হৈ পৰে, তাৰ পিছতে আৰক্ষী আৰু সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে বল প্ৰয়োগ কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলগীয়া হয় । ঘটনাত এখন বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাখনো দুচকীয়া বাহনত অগ্নিসংযোগ কৰে দুস্কৃতিকাৰীয়ে ।

বংগত ৱাকফ আইনৰ বিৰুদ্ধে হিংসা-

তথ্য অনুসৰি ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ কলকাতালৈ অহা ইণ্ডিয়ান চেকুলাৰ ফ্ৰণ্টৰ সমৰ্থকৰে ভৰা বাছসমূহ বাটত ৰখাই দিয়া হয় । মালদা, মুৰ্ছিদাবাদকে ধৰি পশ্চিমবংগৰ বহু জিলাত ৱাকফ আইনৰ বিৰুদ্ধে ব্যাপক হিংসাত্মক ঘটনা দেখা গৈছে, শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিজেপিয়ে হিংসাৰ উচটনি দিয়াৰ বাবে উভয়ে দোষাৰোপ কৰিছে ।

কলকাতাৰ দিশে আগবাঢ়িছিল প্ৰতিবাদকাৰীসকল-

তৃণমূল আৰু বিজেপিৰ বাহিৰেও আই এছ এফ ৰাজ্যখনৰ বিধানসভাত প্ৰতিনিধিত্ব থকা একমাত্ৰ দল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভাংগাৰৰ পৰা অহা তেওঁলোকৰ বাহনসমূহ আৰক্ষীয়ে কলকাতাৰ ৰামলীলা ময়দান অভিমুখে যোৱাত বাধা দিয়াৰ পিছতে আই এছ এফৰ কৰ্মীসকলে বসন্তী এক্সপ্ৰেছৱে অৱৰোধ কৰে ।

মুৰ্ছিদাবাদৰ হিংসা সন্দৰ্ভত টি এম চিৰ অভিযোগ-

মুৰ্ছিদাবাদত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত তৃণমূল কংগ্ৰেছে এটা ডাঙৰ অভিযোগ উত্থাপন কৰি কয় যে একাংশ বি এছ এফৰ জোৱানে এনে লোকক বংগত প্ৰৱেশ কৰিবলৈ অনুমতি দিছে, যিসকলে হিংসা বিয়পাই উভতি আহিছে । বিজেপি নেতা দিলীপ ঘোষেও একেই কথা কৈছে । টি এম চিয়ে এই প্ৰশ্ন উত্থাপন কৰিছে যে যদি দিলীপ ঘোষ বি এছ এফৰ এই ভূমিকা সম্পৰ্কে অৱগত, তেন্তে গৃহ মন্ত্ৰণালয় আৰু প্ৰধানমন্ত্ৰী এই বিষয়ে কেনেকৈ অজ্ঞাত হ’ব পাৰে ?

ঔৰংজেৱ বিতৰ্কৰ পিছত নাগপুৰত হিংসাত্মক পৰিস্থিতি…দুটা গোটৰ মাজত সংঘৰ্ষত আহত কেইবাজনো আৰক্ষী

ঔৰংজেবৰ সমাধিক লৈ নাগপুৰত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছে । বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ দৰে হিন্দু সংগঠনে ধাৰাবাহিকভাৱে কবৰটো আঁতৰোৱাৰ দাবী উত্থাপন কৰি আহিছে । তেওঁলোকৰ দাবীৰ সমৰ্থনত সোমবাৰে পুৱা নাগপুৰত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় । প্ৰতিবাদৰ সময়ত একাংশ সংগঠনে প্ৰতীকীভাৱে ঔৰংজেবৰ ‘কবৰ’ দাহ কৰে । ইয়াৰ পিছত সংঘটিত হয় হিংসাত্মক পৰিস্থিতি । এই ঘটনাত একাংশ আৰক্ষী জোৱানো আহত হয় ।

দাহ কৰাৰ সময়ত ব্যৱহাৰ কৰা চাদৰখনক লৈ বিতৰ্কৰ সৃষ্টি হয়, কিয়নো মুছলমান সম্প্ৰদায়ে দাবী কৰিছিল যে সেই চাদৰখনত ধৰ্মীয় কথা লিখা আছিল, যিয়ে তেওঁলোকৰ আৱেগক আঘাত কৰা বুলি অভিযোগ কৰিছে । ইয়াৰ বাবেই নগপুৰৰ মহল এলেকাত শিৱাজী প্ৰতিমূৰ্তিৰ সন্মুখত মুছলমান সম্প্ৰদায়ৰ লোকে সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

বজৰং দলৰ কৰ্মীৰ বিৰুদ্ধে অভিযোগ!

পৰিস্থিতি নিয়ন্ত্ৰণ কৰি নাগপুৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীক তাৰ পৰা ছত্ৰ ভংগ দিয়াই । কিন্তু ইয়াৰ পিছতে মুছলমান সম্প্ৰদায়ৰ একাংশ লোক গণেশ পেঠ থানাত উপস্থিত হৈ বজৰং দলৰ কৰ্মীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে যিকোনো সংঘৰ্ষ প্ৰতিহত কৰিবলৈ শিৱাজী প্ৰতিমূৰ্তিৰ চাৰিওফালে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।

সন্ধিয়ালৈ দুয়োটা গোটৰ মাজত পৰিস্থিতি আৰু অধিক উত্তেজনাপূৰ্ণ হৈ পৰে । দুয়োপক্ষৰ মাজত হোৱা বিবাদ সংঘৰ্ষলৈ পৰিণত হয় । এই সময়ছোৱাত ৰাজহুৱা সা-সম্পত্তিৰ ক্ষতিৰ অভিযোগ উত্থাপন হৈছে আৰু কিছুমান ঠাইত অগ্নিসংযোগো সংঘটিত হৈছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰি উত্তেজিত লোকক ছত্ৰভংগ দিয়াই ।

হিংসা ক্ষতিগ্ৰস্ত অঞ্চলত মোতায়েন RAF-

আৰক্ষীৰ তীব্ৰ নিৰাপত্তাৰ অধীনত হিংসাত্মক অঞ্চলসমূহত ৰেপিড একচন ফৰ্চ মোতায়েন কৰা হৈছে । অগ্নিনিৰ্বাপক বাহিনীয়ে অধিক ক্ষতি ৰোধ কৰিবলৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । আৰক্ষীয়ে এতিয়া এই হিংসাত্মক ঘটনাৰ লগত জড়িত লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ কাম কৰি আছে ।

শান্তিৰ বাবে আবেদন জনাইছে নীতিন গাডকাৰীয়ে-

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে নাগপুৰবাসীক শান্তি বজাই ৰাখিবলৈ আৰু আইন মানি চলিবলৈ আহ্বান জনাইছে । এনে ঘটনাই মহানগৰীৰ শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰে বুলিও তেওঁ কয় । উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদি শান্তি বজাই ৰাখিবলৈ স্থানীয় প্ৰশাসনে আহ্বান জনাইছে ।

মণিপুৰত বাহাল আন্তঃজিলা বাছ সেৱা; কাংপকপিত এখন বাহনত আক্ৰমণ…আৰক্ষীৰ লাঠিচাৰ্জ

শনিবাৰে কাংপোকপিত মণিপুৰ ৰাজ্যিক পৰিবহণৰ এখন বাছত আক্ৰমণৰ ঘটনা সংঘটিত হয় । ইম্ফলৰ পৰা পাহাৰীয়া অঞ্চললৈ আন্তঃজিলা বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ পিছতে এই ঘটনা সংঘটিত হয় । উল্লেখ্য যে, মণিপুৰত জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছৰে পৰা এই বাছ সেৱা স্থগিত ৰখা হৈছিল ।

গগামিফাই অঞ্চলত বাহনলৈ শিলগুটি নিক্ষেপ-

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ৰাজ্য চৰকাৰে ইম্ফলৰ পৰা কাংপোকপি আৰু চুৰাচান্দপুৰলৈ ৰাজহুৱা বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ চেষ্টা কৰিছিল । কিন্তু ইম্ফলৰ মইৰাংখোমৰ মণিপুৰ ৰাজ্যিক পৰিবহণ (এম এছ টি) ষ্টেচনত কোনো যাত্ৰী বাছখনত উঠা নাছিল । বিষয়াসকলে জনোৱা মতে, সেনাপতি জিলা অভিমুখে গৈ থকা বাছখন কাংপকপি জিলাৰ গামগামিফাই অঞ্চলত একাংশ লোকে শিলগুটি নিক্ষেপ কৰে । নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ আৰু লাঠীচাৰ্জ কৰি উত্তেজিত লোকক ছত্ৰভংগ দিয়াৰ ফলত একাংশ প্ৰতিবাদকাৰী আহত হয় ।

আন্তঃজিলা বাছ সেৱা আৰম্ভ-

ইম্ফল বিমানবন্দৰৰ পৰা কোনো যাত্ৰী নোহোৱাকৈ পাহাৰীয়া জিলা চুৰাচান্দপুৰ আৰু সেনাপতিলৈ ৰাওনা হয় বাছ । এই বাছসমূহক কেন্দ্ৰীয় বাহিনীৰ বৃহৎ কনভয়ৰ দ্বাৰা নিৰাপত্তা প্ৰদান কৰা হৈছিল, য’ত সেনা জোৱানো আছিল । চুৰাচান্দপুৰ অভিমুখে যোৱা বাছখনে বিষ্ণুপুৰ জিলা পাৰ হৈ কোনো ধৰণৰ ষ্টপেজ নোহোৱাকৈ কংৱাইত উপস্থিত হয় । সেনাপতি জিলা অভিমুখে যোৱা বাছখনে কাংপকপি হৈ ইম্ফল জিলাৰ কংলাটংবিলৈ কোনো বাধাৰ সন্মুখীন হোৱা নাছিল । জনসাধাৰণৰ অসুবিধা নূন্যতম কৰি ৰাজ্যৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ পদক্ষেপ হিচাপে ৰাজ্যিক পৰিবহণ বাছ সেৱা পুনৰ আৰম্ভ কৰা হয় ।

কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ-

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ দিছিল যে ৮ মাৰ্চৰ পৰা মণিপুৰৰ সকলো পথতে মানুহৰ মুক্ত চলাচল নিশ্চিত কৰাৰ লগতে বাধা সৃষ্টি কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে এখন বৈঠকৰ অধ্যক্ষতা কৰি তেওঁ কয় যে কেন্দ্রই ৰাজ্যখনৰ স্থায়ী শান্তি পুনৰুদ্ধাৰৰ বাবে সম্পূৰ্ণ দায়বদ্ধ আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছে । উত্তৰ-পূব ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পিছত এইখনেই আছিল প্ৰথমখন বৈঠক । ২০২৩ চনৰ মে’ মাহৰ পৰা ৰাজ্যখনত অব্যাহত আছে জাতিগত হিংসা । এই হিংসাত দুশ পঞ্চাশজনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ।

আই আই টি  বাবা অভয় সিঙক গ্ৰেপ্তাৰ…সামাজিক মাধ্যমত দিছিল আত্মহত্যাৰ ভাবুকি

জয়পুৰ আৰক্ষীয়ে আটক কৰিছে আই আই টি বাবা হিচাবে খ্যাত অভয় সিঙক । তেওঁ ছ’চিয়েল মিডিয়াত আত্মহত্যাৰ ভাবুকি দিছিল । আৰক্ষীয়ে তেওঁৰ স্থান অনুসন্ধান কৰি জয়পুৰৰ ৰিদ্ধি-সিদ্ধি অঞ্চলৰ এখন হোটেলৰ পৰা আটক কৰে । বাবাৰ ওচৰত গাঞ্জা আৰু আন কিছু মাদক দ্ৰব্যও উদ্ধাৰ হয় । আই আই টিয়ান বাবা নামেৰে জনপ্ৰিয় অভয় সিঙে ছ’চিয়েল মিডিয়াত আত্মহত্যাৰ ভাবুকি দিছিল । ইয়াৰ পিছত আৰক্ষী তেওঁৰ সন্থানত নামে । আৰক্ষীয়ে তেওঁৰ স্থানৰ সন্ধানত জয়পুৰৰ ৰিদ্ধি-সিদ্ধিৰ এখন হোটেললৈ লৈ যায় । শিপ্ৰপাঠ আৰক্ষী থানাৰ চি আই ৰাজেন্দ্ৰ গোদাৰাই এটা দলৰ সৈতে হোটেলত উপস্থিত হৈ বাবাক আটক কৰে ।

আৰক্ষীয়ে তালাচী চলাওঁতে কোঠাত উদ্ধাৰ কৰে গাঞ্জা-

হোটেলৰ কোঠাত তালাচীৰ সময়ত আৰক্ষীয়ে গাঞ্জাকে ধৰি আন কিছু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে । ইয়াৰ পিছত আৰক্ষীয়ে বাবাক থানালৈ লৈ যায় । আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি বাবাই কিয় আত্মহত্যাৰ ভাবুকি দিছিল সেই কথা জানিবলৈ চেষ্টা চলাইছে । লগতে তেওঁৰ লগত পোৱা ড্ৰাগছৰ উৎসৰ বিষয়েও তদন্ত চলি আছে । ইয়াৰ পূৰ্বে বাবাৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু হৈছে নে নাই সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

বাবাই গঞ্জাক প্ৰসাদ বুলি কৈছিল-

এই ক্ষেত্ৰত অভয় সিং ওৰফে IITian বাবাই কৈছে যে ‘অলপ প্ৰসাদ (গাঞ্জা) পোৱা গৈছে ।’ মই তেওঁলোকক ক’লো যে যদি এই প্ৰসাদৰ ওপৰত কেচ দাখিল কৰে, তেন্তে কুম্ভত ইমান মানুহে পান কৰে, সকলোকে গ্ৰেপ্তাৰ কৰক । ভাৰতত এই কথা বুজা যায় । উল্লেখ্য যে, বাবৰ বিৰুদ্ধে এন ডি পি এছৰ ধাৰাত এই গোচৰত এফ আই আৰ ৰুজু কৰা হৈছে ।

মহানগৰীত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক

-মহানগৰীত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক

-মহিলাৰ বেগ কাঢ়ি পলায়ন কৰা অপৰাধীলৈ আৰক্ষীৰ গুলী

-আহত অপৰাধীটোৰ নাম জুৱেল

-গুলীবিদ্ধ জুৱেলক ভৰ্তি কৰোৱা হৈছে GMCHত

-মহানগৰীৰ বনফুল নগৰত এগৰাকী মহিলাৰ বেগ লৈ উধাও হৈছিল চোৰটো

-বেগ থপিয়াই নিয়া চোৰটোক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

-নিশা আৰক্ষীৰ জিম্মাৰ পলায়নৰ সময়তে আৰক্ষীয়ে চলালে গুলী