পাক অধিকৃত কাশ্মীৰত প্ৰতিবাদৰ জুই

পাক অধিকৃত কাশ্মীৰত প্ৰতিবাদৰ জুই; আৰক্ষীৰ গুলিত নিহত প্ৰতিবাদকাৰী

পাক অধিকৃত কাশ্মীৰত প্ৰতিবাদৰ জুই পাক অধিকৃ কাশ্মীৰত দেখা গৈছে বিদ্ৰোহৰ দাবানল । এই বিদ্ৰোহে পাকিস্তান চৰকাৰ আৰু সেনা দুয়োকে শলঠেকত পেলাইছে । ড’নৰ বাতৰি অনুসৰি পাক অধিকৃত কাশ্মীৰৰ প্ৰধানমন্ত্ৰী চৌধুৰী আনোৱাৰুল হক আৰু পাকিস্তানৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী তাৰিক ফজল চৌধৰীয়ে প্ৰতিবাদৰ ফলত সৃষ্টি হোৱা

পাক অধিকৃত কাশ্মীৰত প্ৰতিবাদৰ জুই

পাক অধিকৃ কাশ্মীৰত দেখা গৈছে বিদ্ৰোহৰ দাবানল । এই বিদ্ৰোহে পাকিস্তান চৰকাৰ আৰু সেনা দুয়োকে শলঠেকত পেলাইছে । ড’নৰ বাতৰি অনুসৰি পাক অধিকৃত কাশ্মীৰৰ প্ৰধানমন্ত্ৰী চৌধুৰী আনোৱাৰুল হক আৰু পাকিস্তানৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী তাৰিক ফজল চৌধৰীয়ে প্ৰতিবাদৰ ফলত সৃষ্টি হোৱা অশান্তি দূৰ কৰাৰ বাবে যুটীয়া আৱামী একচন কমিটীক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে । PoK ত হোৱা বিদ্ৰোহে হিংসাৰ ৰূপ লৈছে, আছিম মুনীৰৰ সেনাৰ গুলীত ৮ জন লোক নিহত হোৱাৰ বিপৰীতে আনফালে তিনিজন আৰক্ষীৰ লোকেও প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিগত তিনিদিন ধৰি চলি থকা ধৰ্মঘটৰ লগতে প্ৰশাসনে জাৰি কৰা যোগাযোগ ব্লেকআউট (ইণ্টাৰনেট আৰু কল নিষেধাজ্ঞা)ৰ ফলত PoK ত বিশৃংখলতাৰ সৃষ্টি কৰিছে । শৰণাৰ্থীৰ বাবে অভিজাত বিশেষাধিকাৰ আৰু সংৰক্ষিত আসনৰ দৰে বিষয়ক লৈ PoK ত চৰকাৰ আৰু ফেডাৰেল মন্ত্ৰীসকলৰ সৈতে আলোচনা বিচ্ছিন্ন হোৱাৰ পিছত যুটীয়া আৱামি একচন কমিটীয়ে আন্দোলন তীব্ৰতৰ কৰি তুলিছে । তেতিয়াৰ পৰাই হিংসাত্মক ঘটনা বৃদ্ধি পাইছে । বুধবাৰে ইছলামবাগত এখন যৌথ সংবাদমেলত ভাষণ দি চৌধুৰী আনোৱাৰুল হকে কয় যে আলোচনা হৈছে অধিকাৰ লাভৰ এক “সভ্য” উপায়, আৰু চৰকাৰে জে এ এ চিক পুনৰ টেবুললৈ আমন্ত্ৰণ জনাইছে ।

৮ প্ৰতিবাদকাৰী আৰু ৩ আৰক্ষী জোৱান নিহত-

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি পাক অধিকৃত কাশ্মীৰত এই প্ৰতিবাদৰ মাজতে কমেও তিনিজন আৰক্ষী নিহত হোৱাৰ লগতে কেইবা ডজনো আহত হয় । ইফালে বিদ্ৰোহ দমন কৰিবলৈ পাকিস্তানী সেনা আৰু নিৰাপত্তা বাহিনীয়ে নিজৰ গুলীচালনা কৰিবলৈয়ো কুণ্ঠাবোধ কৰা নাই । বুধবাৰে সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদত ৮ জন লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হয় ।

লগতে পঢ়ক : ‘যদি কাটাৰক আক্ৰমণ কৰা হয়…’; নেতানিয়াহুক ট্ৰাম্পৰ মুকলি সতৰ্কবাণী