ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘাত দিনক দিনে অধিক তীব্ৰ হৈ পৰিছে । ইফালে, দেওবাৰে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে এই যুদ্ধত প্ৰাণ হেৰুৱা পেলেষ্টাইনী লোকৰ সংখ্যা সন্দৰ্ভত শেহতীয়া পৰিসংখ্যা প্ৰকাশ কৰে । গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইজৰাইল-হামাছ যুদ্ধত এতিয়ালৈকে ৫০ হাজাৰৰো অধিক পেলেষ্টাইনী লোকে প্ৰাণ হেৰুৱাইছে । তদুপৰি এই যুদ্ধত ১ লাখ ১৩ হাজাৰৰো অধিক লোক আহত হৈছে ।
পৰিসংখ্যাত শেহতীয়া আক্ৰমণত মৃত্যু হোৱা লোকৰ কথাও উল্লেখ-
মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা সপ্তাহত ইজৰাইলৰ বিমান আক্ৰমণৰ পিছত আৰু ৬৭৩ জন লোকৰ মৃত্যু হৈছে । ইয়াৰ লগতে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে এই সংখ্যাসমূহত সাধাৰণ নাগৰিক আৰু যোদ্ধাৰ মাজত কোনো পাৰ্থক্য কৰা হোৱা নাই, অৰ্থাৎ এই সংখ্যা দুয়োটাৰে বাবে একেলগে দিয়া হৈছে । এই হিংসাই গাজাত বিপুল ধ্বংসলীলাৰ সৃষ্টি কৰিছে আৰু তাত থকা জনসাধাৰণে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ।
পুনৰবাৰ গাজা পালেহি ইজৰাইলী সেনা-
ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি ভংগ হোৱাৰ পিছত ইজৰাইলৰ সৈন্য পুনৰবাৰ গাজালৈ উভতি আহে । যোৱা বুধবাৰে ইজৰাইলৰ সৈন্যই পুনৰবাৰ গাজাক উত্তৰ আৰু দক্ষিণ অঞ্চলত বিভক্ত কৰা নেটজাৰিম কৰিড’ৰ দখল কৰে । প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি চুক্তিৰ পিছত ইজৰাইলী সৈন্যই এই কৰিড’ৰ খালী কৰিছিল । একে সময়তে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে হুংকাৰ দিয়ে যে হামাছে বাকী থকা পণবন্দীসকলক মুকলি কৰি নিদিয়ালৈকে আক্ৰমণ অব্যাহত থাকিব ।
ইজৰাইলী বিমান আক্ৰমণে সৃষ্টি কৰে ধ্বংসলীলাৰ-
ইজৰাইল আৰু হামাছৰ মাজত দ্বিতীয় পৰ্যায়ৰ যুদ্ধবিৰতি আলোচনা গতিৰ পৰা ওলাই আহিল । গাজাত প্ৰৱেশ কৰাৰ পূৰ্বে মঙলবাৰে নিজেই ইজৰাইলে গাজাত বৃহৎ বিমান আক্ৰমণ চলাইছিল, য’ত ৪০০ৰো অধিক পেলেষ্টাইনী নিহত হৈছিল । গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি মৃতসকলৰ ভিতৰত শিশু আৰু মহিলাও আছে । একে সময়তে ইজৰাইলে গাজালৈ বৃহৎ সংখ্যক সৈন্য প্ৰেৰণ কৰিছে, যাৰ ফলত গাজাত পুনৰবাৰ যুদ্ধ আৰম্ভ হোৱাৰ বিপদৰ সৃষ্টি হৈছে ।
মন কৰিবলগীয়া যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পৰা আৰম্ভ হোৱা এই যুদ্ধৰ অন্ত পৰা নাই । কিন্তু আমেৰিকা, কাটাৰ, ইজিপ্তৰ দৰে দেশৰ প্ৰচেষ্টাৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ছয় সপ্তাহৰ যুদ্ধবিৰতি চুক্তি আৰু পণবন্দীসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে । ইয়াৰ পিছত হয়তো এই যুদ্ধৰ ফলত হোৱা ধ্বংস কম হ’ব বুলি আশংকা কৰা হৈছিল যদিও ইয়াৰ বিপৰীতে বন্দীসকলক মুকলি কৰি দিয়াত পলম হোৱাৰ বাবে ইজৰাইলে চুক্তি শেষ কৰি পুনৰ গাজা আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ।