মহাকাশত নতুন ইতিহাস সৃষ্টি কৰা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই নিজৰ বাবে অধিক লক্ষ্য নিৰ্ধাৰণ কৰিছে । ডিচেম্বৰ মাহত ঐতিহাসিক অভিযানৰ বাবে সাজু হৈছে ইছৰো । ইছৰোৰ অধ্যক্ষ এছ. সোমনাথে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত কয় যে ইছৰোই নিজৰ নিৰ্ভৰযোগ্য পোলাৰ উপগ্ৰহ উৎক্ষেপণ বাহন পি এছ এল ভিৰ জৰিয়তে ‘স্পেডেক্স’ নামৰ ‘স্পেচ ডকিং’ প্ৰযুক্তি প্ৰদৰ্শন কৰিব । এই অভিযান মহাকাশ খণ্ডত ভাৰতৰ নতুন সামৰ্থৰ প্ৰদৰ্শনী হিচাপে প্ৰমাণিত হ’ব ।
‘স্পেচ ডকিং’ প্ৰযুক্তি কি ?
প্ৰকৃততে মহাকাশ ডকিং হৈছে এক অত্যাধুনিক প্ৰযুক্তি, যাৰ জৰিয়তে মহাকাশত দুখন বাহন সংযোগ কৰিব পৰা যায় । এই প্ৰযুক্তিৰ সহায়ত মহাকাশচাৰীসকলে এখন মহাকাশযানৰ পৰা আন এখন যানলৈ যাব পাৰে । মহাকাশ কেন্দ্ৰ বা মানৱবাহী অভিযানৰ কথা আহিলে ইয়াৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পায় । এই প্ৰযুক্তিয়ে ভাৰতক ভৱিষ্যতে নিজাকৈ মহাকাশ কেন্দ্ৰ আৰু চন্দ্ৰযান-৪ প্ৰকল্প নিৰ্মাণত সহায় কৰিব ।
স্পেডেক্স মিছনৰ প্ৰস্তুতি-
এছ. সোমনাথে কয় যে এই অভিযানৰ বাবে ৰকেটটো প্ৰস্তুত কৰা হৈছে । বেংগালুৰুস্থিত ইছৰোৰ বিজ্ঞানীসকলে চলিত মাহৰ শেষৰ ফালে ইয়াক উৎক্ষেপণ কৰাৰ আশা প্ৰকাশ কৰিছে । তেওঁ কয় যে ডিচেম্বৰ মাহত ইছৰোই পি এছ এল ভি-চি৬০ মিছন আৰম্ভ কৰিব, য’ত স্পেডেক্সৰ প্ৰদৰ্শন কৰা হ’ব । বৰ্তমান এই অভিযানৰ সৈতে জড়িত চূড়ান্ত পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈ আছে ।
প্ৰ’বা-৩ মিছনৰ সফলতা-
বৃহস্পতিবাৰে ইছৰোই পি এছ এল ভি-চি৫৯ৰ জৰিয়তে সফলতাৰে ‘প্ৰ’বা-৩’ অভিযান আৰম্ভ কৰে । এই অভিযান আছিল সূৰ্য আৰু ইয়াৰ গ্ৰহসমূহৰ অধ্যয়ন । ইছৰোৱে ইউৰোপীয় মহাকাশ সংস্থাৰ (ESA) দুটা উপগ্ৰহ কক্ষপথত স্থাপন কৰিছিল । এই কৃতিত্বৰ বাবে এছ. সোমনাথে নিউস্পেচ ইণ্ডিয়া লিমিটেড আৰু ই এছ এৰ বিজ্ঞানীসকলক ধন্যবাদ জ্ঞাপন কৰে ।
ভাৰতৰ মহাকাশ কাৰ্যসূচীত নতুন অধ্যায়-
ইছৰোৰ মহাকাশ কাৰ্যসূচীত স্পেডেক্স অভিযান এক গুৰুত্বপূৰ্ণ পদক্ষেপ । মহাকাশ ডকিং প্ৰযুক্তিয়ে ভাৰতৰ বৈজ্ঞানিক ক্ষমতাক নতুন উচ্চতালৈ লৈ যোৱাই নহয়, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু ভৱিষ্যতৰ অভিযানৰ পথো মুকলি কৰিব । মহাকাশ খণ্ডত ভাৰতৰ বাবে এয়া এক ডাঙৰ কৃতিত্ব হ’ব ।