জাপানে বিশ্বৰ প্ৰথমটো কাঠৰ উপগ্ৰহ নিৰ্মাণ কৰি মহাকাশলৈ প্ৰেৰণ কৰিছে । আকাৰত সৰু এই উপগ্ৰহ অৰ্থাৎ লিগনোছেটক প্ৰথমে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ লৈ যোৱা হ’ব । ইয়াৰ পিছত ইয়াক ৪০০ কিলোমিটাৰ উচ্চতাত কক্ষপথত মুকলি কৰি দিয়া হ’ব । স্পেচএক্সৰ ৰকেটৰ সহায়ত ইয়াক উৎক্ষেপণ কৰা হৈছে ।
জাপানে জানিব বিচাৰিছে যে কাঠেৰে নিৰ্মিত উপগ্ৰহ মহাকাশত বৰ্তি থাকিব পাৰে নে নোৱাৰে । যদি ই বৰ্তি তথা কাৰ্যক্ষম হৈ থাকে, তেন্তে ভৱিষ্যতে কাঠৰ সহায়ত চন্দ্ৰ, মংগলৰ দৰে গ্ৰহত মানুহৰ বাবে ঘৰ সাজিবলৈ সহজ হ’ব । কাৰণ কাঠ আন যিকোনো ধাতুতকৈ লঘু, নবীকৰণযোগ্য ।
জাপানী মহাকাশচাৰী টাকাও ড’ইয়ে কয় যে যদি লিগনোছেটে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ আৰু মহাকাশৰ বিকিৰণ সহ্য কৰিব পাৰে তেন্তে ভৱিষ্যতে ই যথেষ্ট সহায়ক হ’ব । চন্দ্ৰ আৰু মংগল গ্ৰহত কাঠৰ উৎপাদনৰ প্ৰস্তুতি চলোৱা হৈছে । এই কাম আগন্তুক ৫০ বছৰতো কৰিব পৰা যাব । এই উপগ্ৰহটো নিৰ্মাণত নাছাই সহায় কৰিছে ।
মহাকাশত অক্সিজেন নাই, বায়ু নাই, পানী নাই… কাঠ পচিব নোৱাৰে-
কিয়’ট’ বিশ্ববিদ্যালয়ৰ অধ্যাপক কোজি মুৰাটাই কয় যে ১৯০০ চনৰ আৰম্ভণিৰ বিমানবোৰ কেৱল কাঠৰেই নিৰ্মাণ কৰা হৈছিল । সেয়েহে কাঠৰ উপগ্ৰহ নিৰ্মাণ কৰা সম্ভৱ । মহাকাশত কাঠ বেছি দিন টিকি থাকিব । কাৰণ ইয়াক জ্বলাবলৈ বা পচাবলৈ মহাকাশত পানী, বায়ু, অক্সিজেন বা জুই নাই ।
বিকিৰণ আৰু অতি উচ্চ উষ্ণতাৰ পৰীক্ষা কৰা হ’ব-
এই উপগ্ৰহটো হনোকি নামৰ গছৰ কাঠৰ পৰা তৈয়াৰ কৰা হৈছে । এইবিধ মেগনোলিয়া প্ৰজাতিৰ গছ । এই সম্পৰীক্ষা দহ মাহ ধৰি চলিব । এই উপগ্ৰহটো দহ মাহ মহাকাশ কেন্দ্ৰত থাকিব । ইয়াৰ পিছত ইয়াক মহাকাশত মুকলি কৰি দিয়া হ’ব । তাৰ পিছত ছমাহলৈকে কক্ষপথত ঘূৰি থাকিব । এই সময়ছোৱাত ইয়াৰ ইলেক্ট্ৰনিক উপাদানসমূহ চুইচ অন কৰা হ’ব আৰু সিহঁতৰ কাম পৰ্যবেক্ষণ কৰা হ’ব । মাইনাছ ১০০ৰ পৰা ১০০ ডিগ্ৰী চেলছিয়াছ উষ্ণতা পৰীক্ষা কৰা হ’ব । প্ৰতি ৪৫ মিনিটৰ মূৰে মূৰে এই উপগ্ৰহৰ কাৰ্যক্ষমতা আৰু অৱস্থা পৰীক্ষা কৰা হ’ব ।