বৰ্তমানৰ ব্যস্ত জীৱনত এক সঠিক ৰুটিন মানি চলাটো অত্যন্ত কঠিন । যাৰ বাবে থাইৰয়ড, ডায়েবেটিছ আৰু ৰক্তচাপ, বেয়া কলেষ্টেৰল আদি বহুতো স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ উপৰিও ই মানসিক স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পেলায় । আজিকালি বেছিভাগ মানুহেই দুৰ্বল স্মৃতিশক্তিৰ সন্মুখীন হৈছে, যাৰ বাবে তেওঁলোকে দৈনন্দিন জীৱনত বিভিন্ন অসুবিধাৰ সন্মুখীন হয় । তেনে পৰিস্থিতিত আমি আপোনালোকক এনে কিছুমান অভ্যাসৰ বিষয়ে ক’ম, যিয়ে আপোনাৰ স্মৃতিশক্তি দুৰ্বল কৰি তুলিব পাৰে, যিটো আপোনাৰ বাবে এৰি দিয়াই ভাল…
স্মৃতিশক্তি দুৰ্বল হোৱাৰ কাৰণ কি-
-টোপনিৰ অভাৱে আপোনাৰ মগজুক সঠিকভাৱে কাম কৰাত বাধা দিয়ে, যাৰ ফলত আপোনাৰ মনত ৰখাত অসুবিধা হ’ব পাৰে । মানসিক চাপ আৰু উদ্বেগৰ বাবে আপোনাৰ মগজুৱে সঠিকভাৱে কাম নকৰে, যাৰ ফলত মনত ৰখাত অসুবিধা হ’ব পাৰে ।
-শাৰীৰিক কাৰ্যকলাপৰ অভাৱেও আপোনাৰ মগজু দুৰ্বল কৰি তোলে । শাৰীৰিক কাৰ্য্যকলাপে আপোনাৰ মগজুক সঠিকভাৱে কাম কৰাত সহায় কৰে, যাৰ ফলত আপোনাৰ স্মৃতিশক্তি শক্তিশালী হয় ।
-ইয়াৰ উপৰিও বেয়া খাদ্যাভ্যাসৰ বাবেও আপোনাৰ মগজুৱে সঠিকভাৱে কাম নকৰে, যাৰ বাবে আপুনি কথাবোৰ মনত ৰখাত অসুবিধা পাব পাৰে ।
-ধূমপান আৰু মদ্যপানে আপোনাৰ স্মৃতিশক্তি দুৰ্বল কৰি তুলিব পাৰে । ধূমপান আৰু মদ্যপানো স্মৃতিশক্তি দুৰ্বল হোৱাৰ এটা প্ৰধান কাৰণ হ’ব পাৰে । গতিকে এই নিচা অতি সোনকালে ত্যাগ কৰিব লাগে ।
-এই অভ্যাসবোৰ এৰি দিলে আপোনাৰ স্মৃতিশক্তি শক্তিশালী হ’ব পাৰে আৰু মনত ৰখাত সহায় কৰিব পাৰে ।
-পাজল গেমেও আপোনাৰ মগজুক এটা ভাল ব্যায়াম প্ৰদান কৰে, যাৰ ফলত আপোনাৰ স্মৃতিশক্তি বৃদ্ধি পায় । Sudoko, Chess, Cards আদি খেল খেলি মগজুটো শক্তিশালী কৰিব পাৰি ।
(এই প্ৰতিবেদনে পৰামৰ্শকে ধৰি কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে । ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয় । অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক ।)