আজিয়েই এৰক এই ৫টা অভ্যাস… অন্যথা দুৰ্বল হৈ পৰিব পাৰে আপোনাৰ স্মৃতিশক্তি !

বৰ্তমানৰ ব্যস্ত জীৱনত এক সঠিক ৰুটিন মানি চলাটো অত্যন্ত কঠিন । যাৰ বাবে থাইৰয়ড, ডায়েবেটিছ আৰু ৰক্তচাপ, বেয়া কলেষ্টেৰল আদি বহুতো স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ উপৰিও ই মানসিক স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পেলায় । আজিকালি বেছিভাগ মানুহেই দুৰ্বল স্মৃতিশক্তিৰ সন্মুখীন হৈছে, যাৰ বাবে তেওঁলোকে দৈনন্দিন জীৱনত বিভিন্ন অসুবিধাৰ সন্মুখীন হয় । তেনে পৰিস্থিতিত আমি আপোনালোকক এনে কিছুমান অভ্যাসৰ বিষয়ে ক’ম, যিয়ে আপোনাৰ স্মৃতিশক্তি দুৰ্বল কৰি তুলিব পাৰে, যিটো আপোনাৰ বাবে এৰি দিয়াই ভাল…

স্মৃতিশক্তি দুৰ্বল হোৱাৰ কাৰণ কি-

-টোপনিৰ অভাৱে আপোনাৰ মগজুক সঠিকভাৱে কাম কৰাত বাধা দিয়ে, যাৰ ফলত আপোনাৰ মনত ৰখাত অসুবিধা হ’ব পাৰে । মানসিক চাপ আৰু উদ্বেগৰ বাবে আপোনাৰ মগজুৱে সঠিকভাৱে কাম নকৰে, যাৰ ফলত মনত ৰখাত অসুবিধা হ’ব পাৰে ।

-শাৰীৰিক কাৰ্যকলাপৰ অভাৱেও আপোনাৰ মগজু দুৰ্বল কৰি তোলে । শাৰীৰিক কাৰ্য্যকলাপে আপোনাৰ মগজুক সঠিকভাৱে কাম কৰাত সহায় কৰে, যাৰ ফলত আপোনাৰ স্মৃতিশক্তি শক্তিশালী হয় ।

-ইয়াৰ উপৰিও বেয়া খাদ্যাভ্যাসৰ বাবেও আপোনাৰ মগজুৱে সঠিকভাৱে কাম নকৰে, যাৰ বাবে আপুনি কথাবোৰ মনত ৰখাত অসুবিধা পাব পাৰে ।

-ধূমপান আৰু মদ্যপানে আপোনাৰ স্মৃতিশক্তি দুৰ্বল কৰি তুলিব পাৰে । ধূমপান আৰু মদ্যপানো স্মৃতিশক্তি দুৰ্বল হোৱাৰ এটা প্ৰধান কাৰণ হ’ব পাৰে । গতিকে এই নিচা অতি সোনকালে ত্যাগ কৰিব লাগে ।

-এই অভ্যাসবোৰ এৰি দিলে আপোনাৰ স্মৃতিশক্তি শক্তিশালী হ’ব পাৰে আৰু মনত ৰখাত সহায় কৰিব পাৰে ।

-পাজল গেমেও আপোনাৰ মগজুক এটা ভাল ব্যায়াম প্ৰদান কৰে, যাৰ ফলত আপোনাৰ স্মৃতিশক্তি বৃদ্ধি পায় । Sudoko, Chess, Cards আদি খেল খেলি মগজুটো শক্তিশালী কৰিব পাৰি ।

(এই প্ৰতিবেদনে পৰামৰ্শকে ধৰি কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে । ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয় । অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক ।)

এই ৪ টা উপায়ে আপোনাৰ স্মৃতিশক্তি দ্ৰুত কৰি তুলিব, পৰিত্ৰাণ পাব পাহৰি যোৱাৰ অভ্যাসৰ পৰা

স্মৃতিশক্তি হ্ৰাস যিকোনো বয়সতে হ’ব পাৰে, কিন্তু বয়স বৃদ্ধি হোৱাৰ লগে লগে আমি অধিক উদ্বিগ্ন হৈ পৰোঁ কিয়নো আমি আশংকা কৰোঁ যে ই ডিমেনচিয়া বা বৌদ্ধিক কাৰ্যক্ষমতাৰ অভাৱৰ লক্ষণ । যদিও আপুনি যিকোনো বয়সতে দুৰ্বল স্মৃতিশক্তি শক্তিশালী কৰিব পাৰে । ইয়াত আমি আপোনাক ৪ টা কাৰ্যকৰী উপায় কৈছোঁ, যাক আপুনি মানসিক স্বাস্থ্য আৰু স্মৃতিশক্তি উন্নত কৰাৰ বাবে আপোনাৰ দৈনন্দিন ৰুটিনত অন্তৰ্ভুক্ত কৰিব পাৰে ।

ছবি সৃষ্টি কৰক-

মনত ৰাখিব বিচৰা কথাখিনিৰে মনত এটা প্ৰতিচ্ছবি সৃষ্টি কৰক । ইয়াৰ ফলত আপোনাৰ কথাবোৰ মনত ৰখাত সহজ হ’ব । একে সময়তে যদি আপুনি পঢ়া বা লিখা যিকোনো কথা মনত ৰাখিব বিচাৰে, তেন্তে মনতে আওৰাই থাকিব । এইটো মনত ৰখাৰ আটাইতকৈ ফলপ্ৰসূ উপায় ।

পাজলছ স,মাধান কৰক-

যেনেকৈ আপুনি শৰীৰৰ বাবে ব্যায়াম কৰে, একেদৰে আপুনি মগজুৰ বাবেও কিছু ব্যায়াম কৰা উচিত । পাজলছ, চুডোকু বা ক্ৰছৱৰ্ডৰ দৰে স্মৃতিশক্তিৰ খেলেৰে মগজুক প্ৰত্যাহ্বান জনোৱাটোৱে স্মৃতিশক্তি আৰু মানসিক ক্ষমতাক চোকা কৰাত সহায় কৰে ।

ধ্যান আৰু মেডিটেচন কৰক-

ধ্যান আৰু মেডিটেচনে মানসিক শান্তি প্ৰদান কৰে আৰু মানসিক চাপ কমায়, যাৰ ফলত আপোনাৰ স্মৃতিশক্তি উন্নত হয় । ই মগজুৰ মসৃণ কাম-কাজত সহায় কৰে ।

এটা কাহিনীৰ দৰে মনত ৰাখক-

একে সময়তে যদি আপুনি এজন ছাত্ৰ তেন্তে অধ্যায়টো কাহিনীৰ দৰে মনত ৰাখক । ইয়াৰ ফলত আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি পাব আৰু লগতে কথাবোৰ মনত ৰখাত সহজ হ’ব ।

ডায়েৰী লিখক-

ইয়াৰ বাহিৰেও নিজৰ সমগ্ৰ দৈনন্দিন কাম-কাজ এখন ডায়েৰীত লিখি থওক । ইয়াৰ ফলত আপোনাৰ স্মৃতিশক্তিও চোকা হ’ব । স্মৃতিশক্তি চোকা কৰাৰ এইটোৱেই আটাইতকৈ ফলপ্ৰসূ উপায় ।