বিগত দুদিনত প্ৰবল ভূমিকম্পই কঁপাইছে ম্যানমাৰ । শুকুৰবাৰে ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত ব্যাপক ধ্বংসলীলা সংঘটিত হয় । এতিয়া শনিবাৰেও ভূমিকম্পৰ কম্পন অনুভূত হৈছে । শনিবাৰে বিয়লি ভূমিকম্পৰ তীব্ৰতা ৫.১ । একে সময়তে ভাৰতে ‘অপাৰেচন ব্ৰহ্ম’ৰ অধীনত চিকিৎসা দল দেশখনলৈ প্ৰেৰণ কৰিছে । ইফালে ম্যানমাৰত ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৪৪ জনলৈ বৃদ্ধি পাইছে ।
ভাৰতৰ অপাৰেশ্যন ব্ৰহ্ম-
ম্যানমাৰত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ পিছত পৰিস্থিতি ভয়াৱহ হৈ আছে । ভাৰতে সাহায্য আৰু উদ্ধাৰ কামৰ বাবে নিৰন্তৰ প্ৰস্তুতি প্ৰদৰ্শন কৰি ম্যানমাৰৰ সৈতে সংহতি প্ৰদৰ্শন কৰিছে । ভাৰতে শোক প্ৰকাশ কৰাৰ লগতে সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে । ভাৰতে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে অপাৰেচন ব্ৰহ্মৰ অধীনত বিশেষ চিকিৎসা টাস্ক ফ’ৰ্চ মোতায়েন কৰিছে ।
লেফটেনেণ্ট কৰ্ণেল জগনীত গীলৰ নেতৃত্বত ১১৮ জনীয়া চিকিৎসা দল ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছে । এই দলটো এয়াৰবৰ্ণ এঞ্জেলছ টাস্ক ফ’ৰ্চৰ অংশ, যিয়ে জৰুৰীকালীন অৱস্থাত চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ সহায় আগবঢ়োৱাৰ প্ৰশিক্ষণ লাভ কৰে । দলটোৰ সৈতে প্রয়োজনীয় ঔষধ প্রেৰণ কৰা হৈছে ৷
ম্যানমাৰৰ ভূমিকম্প প্ৰভাৱিত অঞ্চলত ৬০খন বিছনাযুক্ত চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হ’ব । যাৰ অধীনত জৰুৰীকালীন সেৱা আগবঢ়োৱা হ’ব । ভূমিকম্পৰ ফলত ম্যানমাৰৰ স্বাস্থ্য ব্যৱস্থা বেয়াকৈ প্ৰভাৱিত হৈছে । এনে পৰিস্থিতিত চিকিৎসা কেন্দ্ৰই যথেষ্ট সহায় কৰিব যাতে সাহায্যৰ কাম অধিক ফলপ্ৰসূ কৰিব পৰা যায় ।
#OperationBrahma
— Dr. S. Jaishankar (@DrSJaishankar) March 29, 2025
A 118-member Indian Army Field Hospital unit is en route to Mandalay from Agra.
The team will assist in providing first aid and emergency medical services to the people of Myanmar.
🇮🇳 🇲🇲 pic.twitter.com/ULMp19KjEf
ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি-
চুবুৰীয়া প্ৰথম নীতিৰ অধীনত ম্যানমাৰক সহায় কৰাটোৱে এই নীতিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে । ‘বসুধৈৱ কুটুম্বকম’ মনোভাৱেৰে ভাৰতে চুবুৰীয়া দেশসমূহক দুৰ্যোগৰ সময়ত সাহায্য আৰু সহায় আগবঢ়াইছে ।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ম্যানমাৰ প্ৰশাসনৰ সৈতে এই অভিযানৰ সমন্বয় আৰু পৰিচালনা কৰি আছে । এই অভিযানৰ অধীনত ভাৰত-ম্যানমাৰৰ সম্পৰ্ক সুদৃঢ় হ’ব । এই অভিযানে দেখুৱাইছে যে ভাৰতে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত চুবুৰীয়া দেশৰ সৈতে সদায় থিয় হৈ থাকে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু ।