ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী য়োৱভ গেলেণ্টে বুধবাৰে এটা বিস্ফোৰক মন্তব্য কৰিছে। ১ অক্টোবৰৰ নিশা ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ বাবে ইৰাণক ভয়ংকৰ প্ৰত্যুত্তৰ দিয়া হ’ব বুলি মন্তব্য কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ইৱভ গেলেণ্টে। গেলেণ্ট কৈছে যে “ইৰাণৰ এই আক্ৰমণ ভুল আছিল।ইয়াৰ প্ৰত্যুত্তৰত আমি যি আক্ৰমণ কৰিম সেয়া আৰু ভয়ংকৰ হ’ব । তেওঁলোকে গমেই নাপাব কেনেদৰে কি হ’ল মাত্ৰ উপলদ্ধি হে কৰিব । তাৰ বাবে সাজু হৈছো আমি”।