ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কয় যে তেহৰানে আমেৰিকাৰ সৈতে প্ৰত্যক্ষ আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে । ইৰাণৰ দ্ৰুতগতিত বৃদ্ধি পোৱা পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত লিখা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চিঠিৰ প্ৰতি সঁহাৰি জনাই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণে । ৰাষ্ট্ৰপতি পেজেস্কিয়ানে কয় যে, ‘যদিও এই সঁহাৰিত দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ আলোচনাৰ সম্ভাৱনা নাকচ কৰা হৈছে, পৰোক্ষ আলোচনাৰ পথ মুকলি কৰি ৰখা হৈছে ।’
পৰোক্ষ আলোচনা মানি ল’বনে ট্ৰাম্পে ?
অৱশ্যে ট্ৰাম্পে পৰোক্ষ আলোচনা মানি ল’ব নে নাই সেয়া স্পষ্ট হোৱা নাই । ২০১৮ চনত ড’নাল্ড ট্ৰাম্পে প্ৰথম কাৰ্যকালত ইৰাণ পাৰমাণৱিক চুক্তিৰ পৰা আমেৰিকাক আঁতৰাই অনাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত উত্তেজনা অব্যাহত আছে ।
ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আৰু বৃদ্ধি পোৱা উত্তেজনা-
আমেৰিকা আৰু ইজৰাইলে ইতিমধ্যে কৈছে যে তেওঁলোকে ইৰাণক পাৰমাণৱিক অস্ত্ৰ আহৰণ কৰিবলৈ নিদিয়ে । ইফালে ইৰাণে ইউৰেনিয়ামক অস্ত্ৰ গ্ৰেডৰ স্তৰৰ ওচৰ চাপিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত সামৰিক সংঘৰ্ষৰ আশংকা বৃদ্ধি পাইছে । ইৰাণে দাবী কৰিছে যে তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচী শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবে, কিন্তু যোৱা কেইমাহমানৰ পৰা ইয়াৰ বিষয়াসকলে সেই দিশত আগবাঢ়ি যোৱাৰ ইংগিত দিছে । এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক নিৰীক্ষণ সংস্থাৰ ফেব্ৰুৱাৰী মাহৰ প্ৰতিবেদনত কোৱা হৈছে যে ইৰাণে ইউৰেনিয়ামৰ উৎপাদন প্ৰায় অস্ত্ৰ গ্ৰেডৰ স্তৰলৈ ত্বৰান্বিত কৰিছে ।
ড’নাল্ড ট্ৰাম্প আৰু ইৰাণৰ সম্পৰ্ক-
ড’নাল্ড ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালত আমেৰিকা আৰু ইৰাণৰ মাজৰ সম্পৰ্ক অতি বেয়া আছিল । ২০১৮ চনত ট্ৰাম্পে ইৰাণৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল, যাৰ ফলত ইৰাণৰ অৰ্থনীতিৰ ব্যাপক ক্ষতি হৈছিল । ইৰানে ইয়াৰ উত্তৰত সাগৰীয় পথত আক্ৰমণ চলাইছিল, ইয়াৰে এটা আক্ৰমণে ছৌদি আৰৱৰ তেল উৎপাদন আধালৈ হ্ৰাস কৰিছিল । ২০২০ চনৰ জানুৱাৰী মাহত ট্ৰাম্পে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি বাগদাদত ড্ৰ’ন আক্ৰমণৰ জৰিয়তে ইৰাণৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষক হত্যা কৰিছিল, যাৰ ফলত দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছিল ।