শেহতীয়াকৈ ইজৰাইল-ইৰাণৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ । বৃহস্পতিবাৰে, ইজৰাইলে সামৰিক কাৰ্যকলাপ অব্যাহত ৰাখি মধ্য বেইৰুটৰ এটা এপাৰ্টমেণ্টত বিমান আক্ৰমণ চলায় । এই আক্ৰমণত ৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বে ইৰাণৰ বেলিষ্টিক মিছাইল আক্ৰমণৰ প্ৰতি ইজৰাইলে সঁহাৰি দিয়াৰ প্ৰতিজ্ঞাৰ পিছত অঞ্চলটোত উত্তেজনা অধিক বৃদ্ধি পাইছে । ইতিমধ্যে ইৰাণ-ইজৰাইলৰ যুদ্ধই তৃতীয় বিশ্বযুদ্ধৰ সূচনা কৰাৰো সম্ভাৱনা ব্যক্ত কৰিছে বহুটো যুদ্ধ বিশেষজ্ঞই ।
এনে অৱস্থাত দুয়োখন দেশৰ সামৰিক শক্তিৰ এক তুলনামূলক তথ্য আগবঢ়োৱা হল-
- ইজৰাইলৰ সেনা বাহিনী ১৬,৯৫০০, ইৰাণৰ সেনা বাহিনী ৬১,০০০০
- ইজৰাইলৰ সংৰক্ষিত সেনা ৪ লাখ ৬৫ হাজাৰ,
- ইৰাণৰ সংৰক্ষিত সেনা ৩ লাখ ৫০ হাজাৰ
- ইজৰাইলৰ প্ৰতিৰক্ষা বাজেট ২৭.৫ বিলিয়ন ডলাৰ, ইৰাণৰ প্ৰতিৰক্ষা বাজেট ১০.৩ বিলিয়ন ডলাৰ
- ইজৰাইলৰ যুদ্ধ বিমান ৩৪৫ খন, ইৰাণৰ যুদ্ধ বিমান ৩৩৫ খন
- এয়াৰ ডিফেন্স চিষ্টেম- ইজৰাইলৰ লগত আছে আইৰন ডুম, ডেভিদছ শ্লিং আৰু এৰো চিষ্টেম ইৰানৰ লগত আছে বেভাৰ ৩৭৩, S300 আৰু খৰদাদ ছিষ্টেম
- ইজৰাইলৰ লগত আছে ৫৩০ আৰ্টিলেৰী, ইৰাণৰ লগত ৬৭৯৮ আৰ্টিলেৰী
- ইজৰাইলৰ লগত আছে ৪৩ খন হেলিকপ্টাৰ, ইৰাণৰ লগত আছে ৬৩ খন হেলিকপ্টাৰ
- ইজৰাইলৰ লগত আছে ৫খন চাবমেৰিন, ইৰাণৰ লগত ১৭খন চাবমেৰিন
- ইজৰাইলৰ লগত আছে ৯০ টাকৈ পাৰমাণৱিক বোমা , ইৰাণৰ লগত বৰ্তমানলৈ নাই কোনো বোমা উল্লেখ্য যে, মঙলবাৰে ইৰাণে টেল আভিভত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায় । প্ৰায় ২০০টা মিছাইলেৰে টেল আভিভত আক্ৰমণ চলোৱা বুলি দাবী কৰিছে ইৰাণে । অৱশ্যে ইজৰাইলে এই আক্ৰমণ প্ৰতিহত কৰে । এই আক্ৰমণৰ পিছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ইৰাণক সকীয়াই দি ইয়াৰ পৰিণাম ভোগ কৰ্িব লাগিব বুলি মন্তব্য কৰিছিল ।