ইজৰাইল-ইৰাণৰ সংঘাতে এতিয়া ঘণীভূত কৰিছে তৃতীয় বিশ্বযুদ্ধৰ । প্ৰতিটো মূহুৰ্ততে মধ্য প্ৰাচ্যত বৃদ্ধি পাইছে উত্তেজনা । যিকোনো মুহুৰ্তত দ্বিতীয়টো ভয়ংকৰ আক্ৰমণ চলিব পাৰে ইজৰাইলৰ বিৰুদ্ধে ।
ইজৰাইলৰ বিৰুদ্ধে একত্ৰিত হৈছে সকলো বিৰোধী ইছলামিক ৰাষ্ট্ৰ । আফগানিস্তানৰ পৰা য়েমেনলৈকে, ইৰাকৰ পৰা লেবাননলৈকে সকলো সাজু হৈছে ইজৰাইলৰ বিৰুদ্ধে । জুম্মাৰ নামাজৰ পিছত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খোমেইনীৰ আহ্বানলৈ সঁহাৰি সকলো ইছলামিক ৰাষ্ট্ৰৰ ।
শত্ৰু ৰাষ্ট্ৰক তচনচ কৰিবলৈ ইৰাণে লৈছে বৃহৎ সংকল্প । ইৰাণৰ সেনায়ো ইজৰাইলক দিছে কঠোৰ সকীয়নি । ইতিমধ্যে ইৰাণে আক্ৰমণৰ বাবে সাজু কৰিছে কেইবাটাও মিছাইল । মঙলবাৰে খোমেইনীৰ নিৰ্দেশত ইজৰাইলৰ ওপৰত সংঘটিত হৈছিল মিছাইল আক্ৰমণ । প্ৰয়োজন হ’লে ইজৰাইলক পুনৰ আক্ৰমণ কৰা হ’ব বুলি ভাবুকি দিছে খোমেইনীয়ে । লগতে ইজৰাইল কেৱল আমেৰিকাৰ সমৰ্থনৰ দ্বাৰা থিয় হৈ আছে, যি বেছি সময় তিষ্ঠি নাথাকে বুলিও কয় ইৰাণৰ শীৰ্ষ নেতাজনে ।
ইফালে আৰৱকে ধৰি বিশ্বৰ সকলো মুছলমানক একত্ৰিত হোৱাৰ আহ্বান খোমেইনীৰ । মুছলমানসকল একেলগে থাকিলে আল্লাহে তেওঁলোকৰ ওপৰত ৰহম কৰিব বুলি মন্তব্য কৰিছে তেওঁ ।