হামাছৰ নেতা ইয়াহ্যা সিনৱাৰক ইজৰাইলৰ সেনা বাহিনীয়ে দক্ষিণ গাজাৰ ৰাফাহ চহৰত স্থল অভিযান চলাই হত্যা কৰে। বিগত এটা বছৰত গাজাত হামাছৰ সৈতে হোৱা যুদ্ধৰ এয়া ইজৰাইলৰ আটাইতকৈ ডাঙৰ সফতা। ইজৰাইল কাণ্ডৰ মাষ্টাৰমাইণ্ডৰ মৃত্যুৰ পিছত এতিয়া তেতিয়া যুদ্ধৰ অন্ত পৰিব নে এয়া যুদ্ধৰ আগজাননী ?
বুধবাৰে ৰাফাহত IDF-এ দুটা অট্টালিকাত গুলীচালনা কৰাত ৩জন হামাছ উগ্ৰপন্থীৰ মৃত্যু হয় যাৰ ভিতৰত সিনোৱাৰাও আছিল। DNA পৰীক্ষাৰ ফলত চিনাক্ত হয় হামাছৰ নেতাজনৰ মৃতদেহ।
জুলাই মাহত তেহৰাণত ইজৰাইলৰ বোমা বিস্ফোৰণত ৰাজনৈতিক নেতা ইছমাইল হানিয়েহ নিহত হোৱাৰ পিছত সিনোৱাৰে সেই যুদ্ধৰ ভূমিকা গ্ৰহণ কৰে।
ইৰাণৰ ওচৰত তেওঁ ইজৰাইলৰ সৈতে ৰাজনৈতিক বুজাবুজিৰ প্ৰতিৰোধ কৰি আছিল। ইজৰাইলে লেবাননত হিজবুল্লাহৰ সৈতে হোৱা যুদ্ধ আৰু ইৰাণৰ সৈতে ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ ওপৰত নিজৰ সামৰিক শক্তি বৃদ্ধি কৰি আক্ৰমণ কৰাৰ সময়তে সিনোৱাৰৰ মৃত্যু হৈছে।
কেতিয়া অন্ত পৰিব ইজৰাইল-হামাছ যুদ্ধৰ?
গাজাত যুদ্ধ শেষ কৰি পণবন্দীসকলক ঘূৰাই অনাৰ বাবে ইজৰাইলৰ ওপৰত হেঁচা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইজৰাইলৰ যুদ্ধৰ লক্ষ্য আছিল হামাছক ধ্বংস কৰা কিন্তু এতিয়াও হামাছ অধিক শক্তিশালী হৈ আছে আৰু বৰ্তমান সময়ত ৰাছিয়া ইৰানৰ পক্ষত থিয় দিয়াৰ ফলত যুদ্ধৰ আৰম্ভণ হোৱা বুলিও সন্দেহ কৰা হয়। ইফালে আমেৰিকাইও এই সন্দৰ্ভত গুৰুত্ব প্ৰকাশ কৰি যুদ্ধ ঘোষণা কৰাৰ সম্ভাৱনা আছে।