বলীউড অভিনেতা নৱাজুদ্দিন চিদ্দিকী পুনৰ বিতৰ্কৰ সন্মুখীন হৈছে। শেহতীয়াকৈ এটা বিজ্ঞাপনৰ পিছতেই সমস্যা বৃদ্ধি পাইছে অভিনেতা গৰাকীৰ। বিজ্ঞাপনটোত, অভিনেতাজনে মহাৰাষ্ট্ৰ আৰক্ষী বিষয়াৰ ইউনিফৰ্ম পিন্ধি থকা দেখা গৈছে।নৱাজুদ্দিন চিদ্দিকীয়ে এই বিজ্ঞাপনটোত এটা এপৰ জৰিয়তে মানুহক তিন পাট্টি খেলিবলৈ উৎসাহিত কৰা দেখা গৈছে।কিন্তু বিজ্ঞাপনটোক লৈ এটা হিন্দু সংগঠনে দাবী কৰিছে যে এই বিজ্ঞাপনটোৱে মহাৰাষ্ট্ৰ আৰক্ষীৰ সুনাম জুৱাৰ সৈতে মিলাইছে। হিন্দু জনজাগ্ৰুতি সমিতিয়ে মুম্বাই আৰক্ষী আয়ুক্ত আৰু মহাৰাষ্ট্ৰৰ ডিজিপিলৈ এখন পত্ৰ প্ৰেৰণ কৰি চিদ্দিকী আৰু ‘বিগ কেছ পোকাৰ’ৰ গৰাকী অংকুৰ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।অৱশ্যে নৱাজুদ্দিন চিদ্দিকীয়ে এতিয়ালৈকে এই বিষয়ত কোনো বিবৃতি দিয়া নাই।
