দেশত শীঘ্ৰেই আহি আছে ৬জি মোবাইল সেৱা । ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২৪ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে ভাৰতে ৬জি সেৱা আৰম্ভ কৰাৰ দিশত কাম কৰি আছে । ভাৰতে ইতিমধ্যে সফলতাৰে ৫জি আৰম্ভ কৰিছে । প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত হৈছে ৫জি টেলিকম বজাৰৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয়খন দেশ । নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ভাৰতীয় মবাইল কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত এই কৰে মন্তব্য প্ৰধানমন্ত্ৰী মোদীয়ে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা দিল্লীৰ ভাৰত মণ্ডপমত ইণ্ডিয়া মোবাইল কংগ্ৰেছ আৰম্ভ হৈছে । তেওঁ আই টি ইউ বিশ্ব টেলিকমিউনিকেচন ষ্টেণ্ডাৰ্ডাইজেচন এছেম্বলীতো ভাষণ প্ৰদান কৰে । উল্লেখ্য যে, ভাৰতে প্ৰথমবাৰৰ বাবে আই টি ইউ-ডব্লিউ টি এছ এ আয়োজন কৰিছে ।
ভাষণত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ কথা উল্লেখ কৰে । তেওঁ কয় যে, আমি স্থাপন কৰা অপ্টিকেল ফাইবাৰ পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্বৰ আঠগুণ । এয়া ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ অষ্টম সংস্কৰণ আৰু এই বছৰৰ বিষয়বস্তু হৈছে ‘ফিউচাৰ ইজ নাও’ ।
৬জি আৰম্ভ কৰাৰ দিশত কাম চলি আছে-
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত ৬জিৰ কথা উল্লেখ কৰে ৷ তেওঁ কয় যে ভাৰতে ৬জি আৰম্ভ কৰাৰ দিশত কাম কৰি আছে আৰু ইতিমধ্যে সফলতাৰে ৫জি আৰম্ভ কৰিছে । ৫জি টেলিকম বজাৰত ভাৰত হৈছে বিশ্বৰ দ্বিতীয় খন দেশ । এইটো মন কৰিবলগীয়া যে ৬জি মূলতঃ ৫জিৰ এটা উন্নত সংস্কৰণ । ৬জি-ৰ অধীনত, লোকসকলৰ চুপাৰ ফাষ্ট ইণ্টাৰনেট আৰু আই অ টি-ৰ বাবে শক্তিশালী সমৰ্থন থাকিব ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা অনুসৰি, বিগত ১০ বছৰত ভাৰত এখন দেশ হৈ পৰিছে যিয়ে মোবাইল ফোন ৰপ্তানি কৰে । পূৰ্বে, ভাৰতলৈ মোবাইল ফোন আমদানি কৰা হৈছিল । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আজি ভাৰত হৈছে দূৰসংযোগ প্ৰযুক্তিৰ ক্ষেত্ৰত আটাইতকৈ সক্ৰিয় দেশসমূহৰ ভিতৰত এখন ।
ইফালে আগন্তুক জুন মাহৰ ভিতৰত BSNLৰ সকলো মোবাইল সেৱা ৫জি হ’ব । আনহাতে দেশৰ এক লাখ ষ্টেচনত ২০২৫ৰ মে মাহৰ ভিতৰত লাভ কৰিব দেশীয়ভাৱে উদ্ভাৱিত ৪জি সেৱা ।