আজি সংবিধান দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদৰ যুটীয়া অধিৱেশনত ভাষণ দিয়ে । এই যৌথ অধিৱেশন সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । মঙলবাৰে দেশত সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল । ইয়াৰ মাজতে ৰাষ্ট্ৰপতি মুৰ্মুৱে সংবিধান দিৱস উপলক্ষে এটা বিশেষ স্মৃতি মুদ্ৰাও মুকলি কৰে । লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে এক বিশেষ ডাক টিকট মুকলি কৰে । সংবিধান দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী মোদী, উপ-ৰাষ্ট্ৰপতিয়ে সংস্কৃত ভাষাত সংবিধানৰ প্ৰতিলিপি মুকলি কৰে ।
‘সংবিধান, আমাৰ গণতান্ত্ৰিক মূল্যবোধৰ মূল আধাৰশিলা’-
সংবিধান দিৱসত দিয়া ভাষণত ৰাষ্ট্ৰপতিয়ে কয়, ‘সংবিধান দিৱস উপলক্ষে আপোনালোক সকলোৰে মাজত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছো । আজি আমি সকলোৱে এক ঐতিহাসিক সুযোগৰ অংশগ্ৰহণকাৰী হৈ পৰিছো । ৭৫ বছৰ পূৰ্বে সংসদৰ এই চেম্বাৰতে দেশৰ সংবিধানৰ খচৰা প্ৰস্তুতৰ এক বৃহৎ কাম সম্পন্ন হৈছিল আৰু সেইদিনা এই সংবিধান গৃহীত হৈছিল । সংবিধান আমাৰ গণতান্ত্ৰিক মূল্যবোধৰ মূল আধাৰশিলা । আজি এখন কৃতজ্ঞ ৰাষ্ট্ৰৰ হৈ সংবিধান সভাৰ সদস্য সকলক শ্ৰদ্ধাঞ্জলি জনাইছো । বাবা আম্বেদকাৰে সংবিধান সভাৰ নেতৃত্ব দিছিল ।‘
संविधान दिवस के पावन अवसर पर आप सभी के बीच आकर मुझे हार्दिक प्रसन्नता हो रही है। संविधान हमारे देश का सबसे पवित्र ग्रंथ है।
— President of India (@rashtrapatibhvn) November 26, 2024
हमारा संविधान, हमारे लोकतांत्रिक गणतंत्र की सुदृढ़ आधारशिला है। हमारा संविधान, हमारे सामूहिक और व्यक्तिगत स्वाभिमान को सुनिश्चित करता है। pic.twitter.com/I8Gx3SekCh
‘ভাৰত গণতন্ত্ৰৰ মাতৃ’ –
ৰাষ্ট্ৰপতিয়ে কয় যে ‘ভাৰত গণতন্ত্ৰৰ মাতৃ । এই মনোভাৱৰেই আমি এই বিশেষ অনুষ্ঠানত একত্ৰিত হৈছো । আমি সেই সকলৰো অমূল্য অৱদান মনত ৰাখিব লাগে যিসকলে পৰ্দাৰ আঁৰত কাম কৰিছিল আৰু দেশৰ সাংবিধানিক মূল্যবোধ শক্তিশালী কৰিছিল, যাৰ মাজত বি.এন. ৰাও, যি সংবিধান সভাৰ পৰামৰ্শদাতা আছিল, এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । আগন্তুক ২৬ জানুৱাৰীত, আমি আমাৰ গণৰাজ্যৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপন কৰিম । এনে অনুষ্ঠানবোৰে আমাৰ ৰাষ্ট্ৰীয় ঐক্যক প্ৰতিফলিত কৰে । দেশৰ বৈচিত্ৰ্যৰ ঐক্য আমাৰ সংবিধান সভাত প্ৰদৰ্শিত হ’ল । আজি প্ৰকাশিত গ্ৰন্থসমূহত মানুহে আমাৰ সংবিধান নিৰ্মাণৰ গৌৰৱময় ইতিহাসৰ বিষয়ে জানিব । বহু বছৰৰ কষ্টৰ অন্তত আমাৰ সংবিধান ৰচনা কৰা হৈছিল যদিও সেয়া আছিল আমাৰ স্বাধীনতা সংগ্ৰামৰ ফল । ভাৰতৰ ন্যায়, স্বাধীনতা আৰু সমতাৰ আদৰ্শও সংবিধানত প্ৰতিফলিত হৈছে ।‘
দুৰ্বল শ্ৰেণীৰ কল্যাণৰ বাবে চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে-
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ‘সংবিধানৰ মনোভাৱ অনুসৰি জনসাধাৰণৰ কল্যাণৰ বাবে একেলগে কাম কৰাটো কাৰ্যনিৰ্বাহক, বিধায়িনী দল আৰু ন্যায়পালিকাৰ দায়িত্ব । দেশৰ অৰ্থনৈতিক সংহতিৰ বাবে জি এছ টি ৰূপায়ণ কৰা হৈছিল । নাৰী শক্তি বন্দন আইনৰ জৰিয়তে আৰম্ভ হ’ল এক নতুন যুগ । চৰকাৰে সকলো শ্ৰেণীৰ বিশেষকৈ পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে । দৰিদ্ৰ লোকে স্থায়ী ঘৰ, বিদ্যুৎ, পানী, পথৰ দৰে সা-সুবিধা লাভ কৰিছে । দেশত চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে গুণগত আন্তঃগাঁথনি গঢ়ি তোলা হৈছে । এই প্ৰচেষ্টাসমূহৰ বাবে চৰকাৰক প্ৰশংসা কৰিছো ।‘
‘সংবিধান এক জীৱন্ত আৰু প্ৰগতিশীল দস্তাবেজ’-
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ‘আণ্ডাৰট্ৰায়েল কয়দীসকলৰ কল্যাণৰ বাবেও ন্যায়পালিকাই প্ৰচেষ্টা চলাইছে । কম সম্পদ থকা লোকক ন্যায় প্ৰদানৰ সুবিধা বাঢ়িছে । ইয়াৰ ফলত আমাৰ সাংবিধানিক অধিকাৰ শক্তিশালী হয় । সমাজত সম্প্ৰীতি সৃষ্টি, নাৰীৰ অধিকাৰ আৰু পৰিবেশ সুনিশ্চিত কৰা আদি ক্ষেত্ৰত কাম চলি আছে । আমাৰ সংবিধান এখন জীৱন্ত আৰু প্ৰগতিশীল দস্তাবেজ । সংবিধানৰ জৰিয়তে আমি সামাজিক ন্যায়ৰ বহু লক্ষ্য অৰ্জন কৰিছো । আমাৰ সংবিধানৰ নিৰ্মাতাসকলে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা শক্তিশালী কৰাৰ বাৰ্তা দিছে । আজি দেশত আৰ্থিকভাৱে সবল হোৱাৰ উপৰিও বিশ্ববন্ধুৰ ধাৰণাক প্ৰচাৰ কৰা হৈছে ।‘