সংসদত সংবিধান দিৱস সমাৰোহ; ৰাষ্ট্ৰপতিৰ নেতৃত্বত সংবিধানৰ প্ৰস্তাৱনা পাঠ
সংবিধান দিৱস সমাৰোহ
সংবিধান দিৱস উপলক্ষে বুধবাৰে সংসদৰ সংবিধান প্ৰেক্ষাগৃহত সমাৰোহৰ আয়োজন কৰা হয় । কেন্দ্ৰীয় প্ৰেক্ষাগৃহত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীৰ এটা দল উপস্থিত থাকে । বিৰোধীৰ হৈ লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেও উপস্থিত থাকে । এই অনুষ্ঠান ভাৰতে সাংবিধানিক মূল্যবোধ আৰু গণতান্ত্ৰিক পৰম্পৰাৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰাৰ প্ৰতীক ।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মুখ্য ভাষণেৰে অনুষ্ঠানৰ আৰম্ভণি কৰে । ইয়াৰ পিছতে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ভাষণ প্ৰদান কৰে । শেষত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংবিধানত সামাজিক ন্যায়ৰ গুৰুত্বৰ ওপৰত আলোকপতা কৰি দেশবাসীক সম্বোধন কৰে । অৱশেষত ৰাষ্ট্ৰপতিৰ নেতৃত্বত কেন্দ্ৰীয় প্ৰেক্ষাগৃহত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হয় ।
সংবিধান দিৱস উদযাপনৰ অংশ হিচাপে চেণ্ট্ৰেল হল অনুষ্ঠানৰ সময়ত ডিজিটেল মোডত কেইবাখনো আঁচনি মুকলি কৰা হয় ।
লগতে পঢ়ক : নতুন শ্ৰম সংহিতা : মহিলাৰ বাবে নাইট শ্বিফ্ট ৰেহাইৰ পৰা ১ বছৰৰ ভিতৰত গ্ৰেচুইটিলৈকে… কি কি ডাঙৰ পৰিৱৰ্তন ?