আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে কয় যে হাৰিয়ানা নিৰ্বাচনৰ ফলাফলৰ পৰা “আটাইতকৈ ডাঙৰ শিক্ষা” হৈছে কেতিয়াও অত্যাধিক আত্মবিশ্বাসী নহ’ব, লগতে দলৰ কৰ্মীসকলক অহা বছৰ অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায় ।
উল্লেখ্য যে, বিজেপিয়ে হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ ৪৮ খন আসন লাভ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । কংগ্ৰেছে ৩৭ খন আসন লাভ কৰাৰ বিপৰীতে, আপে কোনো আসন লাভ নকৰাকৈ শোচনীয় পৰাজয়ৰ সন্মুখীন হয় ।
মঙলবাৰে দিল্লীত আপৰ পৌৰসভাৰ কাউন্সিলাৰসকলক সম্বোধন কৰি কেজৰিৱালে কয় যে, “নিৰ্বাচন ওচৰ চাপিছে । নিৰ্বাচনক সহজভাৱে লোৱা উচিত নহয় । আজিৰ নিৰ্বাচনৰ পৰা আটাইতকৈ ডাঙৰ শিক্ষাটো হ’ল কেতিয়াও অতি আত্মবিশ্বাসী নহ’ব । প্ৰতিটো নিৰ্বাচন, আসন কঠিন ।”
অৰবিন্দ কেজৰিৱালে আপৰ পৌৰসভাৰ কাউন্সিলাৰসকলক দিল্লীত নিৰ্বাচনত জয়ী হোৱাত মনোনিৱেশ কৰিবলৈ আহ্বান জনাই লগতে কয় যে কোনো ধৰণৰ আভ্যন্তৰীণ যুঁজ হ’ব নালাগে ।
তেওঁ কয়,”আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব । কোনো অন্তৰ্দ্বন্দ্ব থাকিব নালাগে । এই নিৰ্বাচনত, আপোনালোকৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ব কিয়নো আমি এমচিডি (দিল্লীৰ পৌৰ নিগম)ত আছোঁ । ৰাইজে প্ৰাথমিক বস্তু আশা কৰে, যেনে পৰিষ্কাৰ-পৰিচ্ছন্নতা । আমি নিশ্চিত কৰিব লাগিব যে আমাৰ নিজ নিজ ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা হয় । যদি এয়া কৰা হয়, আমি নিশ্চিতভাৱে নিৰ্বাচনত জয়ী হ’ম । আমাৰ মূল লক্ষ্য হ’ব লাগে নিৰ্বাচনত জয়লাভ কৰা ।”
উল্লেখ্য যে, দিল্লীত বিধানসভা নিৰ্বাচন ২০২৫ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছে । ২০২০ চনৰ নিৰ্বাচনত আপে ৭০ খন আসনৰ ভিতৰত ৬২ খন আসন লাভ কৰিছিল আৰু বিজেপিয়ে ৮ খন আসন লাভ কৰিছিল ।