গোৱালিয়ৰৰ শ্ৰীমন্ত মাধৱৰাও সিন্ধিয়া ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব ভাৰত আৰু বাংলাদেশৰ মাজৰ তিনিখনীয়া মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ । এই খেলপথাৰত প্ৰথমবাৰৰ বাবে আজি অনুষ্ঠ্ত হ’ব আন্তঃৰাষ্ট্ৰীয় মেচ । খেলখনত সূৰ্যকুমাৰ যাদৱে ভাৰতীয় দলৰ অধিনায়কত্ব কৰিব, আনহাতে নাজমুল হোছেইন শান্তোৰ কান্ধত আছে বাংলাদেশ দলৰ দায়িত্ব । ভাৰতীয় সময় অনুসৰি, এই মেচখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব ।
এই প্ৰথম টি-২০ মেচত ভাৰতীয় দলৰ মূল একাদশৰ ওপৰতো দৃষ্টি থাকিব । এই মেচখনৰ জৰিয়তে মায়ংক যাদৱ, নীতিশ কুমাৰ ৰেড্ডী আৰু হৰ্ষিত ৰাণাই টি-২০ ইণ্টাৰনেশ্যনেলত অভিষেক ঘটাব পাৰে । আই পি এল ২০২৪ৰ সময়ত মায়ংকে ধাৰাবাহিকভাৱে ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত বলিং কৰি অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছিল যদিও আঘাতৰ বাবে তেওঁ প্ৰতিযোগিতাখনৰ মাজভাগত আঁতৰিবলগীয়া হৈছিল ।
আনহাতে, ২০২৪ৰ আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ বেগী বলাৰ হৰ্ষিত ৰাণাইও চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল । আনহাতে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অলৰাউণ্ডাৰ নীতিশ ৰেড্ডীয়ে আই পি এল ২০২৪ত আধিপত্য বিস্তাৰ কৰিছিল । শিৱম ডুবে বাহিৰ হোৱাৰ বাবে নীতিশৰ প্লেইং-১১ৰ দাবী যথেষ্ট শক্তিশালী হৈ পৰিছে ।
ইফালে এই টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত হোৱা ৰিয়ান পৰাগেও আজিৰ মূল একাদশত স্থান পোৱাৰ সম্ভাৱনা আছে । ২০২৪ৰ আই পি এলৰ লগতে জিম্বাবৱে আৰু শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাত স্থান লাভ কৰা ৰিয়ানে আজিৰ মেচত মূল একাদশত স্থান পাব বুলি আশা কৰা হৈছে ।
আনহাতে নিউজীলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে শুভমন গীল, ঋষভ পন্ত, যশস্বী জয়ছোৱাল, মহম্মদ চিৰাজ আৰু অক্ষৰ পেটেলক জিৰণি দিয়া হৈছে । অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া দলটোৰ দুটা ডাঙৰ শক্তি । তদুপৰি টি-২০ বিশ্বকাপ ২০২৪ৰ বিজয়ী দলত অন্তৰ্ভুক্ত হোৱা অৰ্শদীপ সিঙকো এই শৃংখলাৰ বাবে দলত নিৰ্বাচিত কৰা হৈছে । জ্যেষ্ঠ খেলুৱৈসকলক বিশ্ৰাম দিয়াত, অভিষেক শৰ্মাৰ দৰে যুৱ খেলুৱৈসকলৰ বাবে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰাৰ বাবে এইটো এটা উত্তম সুযোগ ।