আজি আই পি এল ২০২৫ত দুখন ডাঙৰ মেচ অনুষ্ঠিত হ’ব । প্ৰথমখন খেলত দিল্লী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত মুখামুখি হোৱাৰ বিপৰীতে দ্বিতীয়খন খেল ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত হ’ব । এই প্ৰতিবেদনত জানি লওক ৰাজস্থান আৰু চেন্নাইৰ মাজৰ খেলখনৰ সাম্ভাব্য মূল একাদশ, পিটচ ৰিপৰ্ট আৰু মেচৰ ভৱিষ্যদ্বাণী ।
এই পৰ্যন্ত আই পি এল ২০২৫ত চেন্নাই ছুপাৰ কিংছে দুখন মেচ খেলিছে । এই সময়ছোৱাত চেন্নাইয়ে এখন মেচত জয়ী হোৱাৰ লগতে এখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে । ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হাতত পৰাস্ত হৈছে চি এছ কে । আনহাতে, ৰাজস্থান ৰয়েলছে এতিয়াও আই পি এল ২০২৫ত জয়ৰ একাউণ্ট খুলিব পৰা নাই । ৰাজস্থানে দুয়োখন মেচতে পৰাজয়ৰ সন্মুখীন হৈছে ।
গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ মেচখন । এইখন ৰাজস্থানৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ । অৱশ্যে এই খেলপথাৰতো ৰাজস্থান দলে জয়ী হ’ব পৰা নাই । এই একেখন খেলপথাৰতে ৰাজস্থানক পৰাস্ত কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে ।
বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ খেলপথাৰৰ প্ৰতিবেদন-
গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ পিটচ বলাৰৰ বাবে সহায়ক । ইয়াত বলটো পুৰণি হোৱাৰ পিছত ৰৈ যায় । এনে পৰিস্থিতিত এই খেলপথাৰত ডাঙৰ স্ক’ৰ কৰাটো অতি কঠিন । লক্ষ্য অনুসৰণ কৰাটো ইয়াত ভাল বুলি ধৰা হয় । কিন্তু যদি দলটোৱে প্ৰথমে বেটিং কৰাৰ পিছত ১৭৫+ ৰান কৰে তেন্তে লক্ষ্য অনুসৰণ কঠিন হৈ পৰিব পাৰে ।
মেচৰ ভৱিষ্যদ্বাণী-
একাংশ ক্ৰিকেট বিশেষজ্ঞৰ মতে এই মেচ চেন্নাই ছুপাৰ কিংছৰ হাতত আছে । ৰাজস্থানতকৈ চেন্নাইৰ দলটোক অধিক ভাৰসাম্যপূৰ্ণ দেখা গৈছে । লক্ষ্য অনুসৰণ কৰা দলটোৰ জয়ৰ সম্ভাৱনা বেছি ।
ৰাজস্থান ৰয়েলছৰ সাম্ভাব্য মূল একাদশ-
যশস্বী জয়ছোৱাল, সঞ্জু চেমছন, ৰিয়ান পৰাগ (অধিনায়ক), নীতিশ ৰানা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), শ্বিমৰন হেটমায়াৰ, শুভম ডুবে, ৱানন্দু হাছাৰংগা, জোফ্ৰা আৰ্চাৰ, মহেশ তীকছানা, তুষাৰ দেশপাণ্ডে আৰু কুমাৰ কাৰ্তিকেয়া/সন্দীপ শৰ্মা ।
চেন্নাই চুপাৰ কিংছৰ সাম্ভাব্য মূল একাদশ-
ৰাচিন ৰবীন্দ্ৰ, ৰাহুল ত্ৰিপাঠী, ৰুতুৰাজ গাইকোৱাদ (অধিনায়ক), শিৱম ডুবে, দীপক হুদা / বিজয় শংকৰ, ছেম কাৰাণ, ৰবীন্দ্ৰ জাডেজা, এম এছ ধোনী (উইকেটকীপাৰ), আৰ অশ্বিন, নূৰ আহমেদ, খলিল আহমেদ আৰু মথিছা পাথিৰানা ।