২০ নৱেম্বৰত অনুষ্ঠিত হ’ব ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । দিন ওচৰ চাপি অহাৰ লগে লগে নিৰ্বাচনী উত্তেজনাও বৃদ্ধি পাইচে । ইতিমধ্যে ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হৈছে । আনহাতে, দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ এতিয়াও হোৱা নাই । এনে পৰিস্থিতিত প্ৰতিটো দলৰ নেতাই বিভিন্ন বিধানসভা সমষ্টিত নিৰ্বাচনী সভা আৰু ৰেলী অনুষ্ঠিত কৰি ভোটাৰক নিজৰ পক্ষলৈ আকৰ্ষণ কৰিবলৈ অহৰহ চেষ্টা চলাই আছে ।
বিজেপিৰ প্ৰবীণ নেতাসকলেও মহাৰাষ্ট্ৰ-ঝাৰখণ্ডত ব্যাপক সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ছাত্ৰপতি সম্ভাজী নগৰ, পানভেল আৰু মুম্বাইত নিৰ্বাচনী সভাত ভাষণ দিব । একে সময়তে গৃহমন্ত্ৰী অমিত শ্বাহে ঝাৰখণ্ডৰ গিৰিডিহ, গাণ্ডে আৰু ডুমৰীত ৰাজহুৱা সভা অনুষ্ঠিত কৰি দলৰ হৈ প্ৰচাৰ চলাব ।
মহাৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী মোদীৰ তিনিখন ৰাজহুৱা সভা-
আজি মহাৰাষ্ট্ৰ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী । ইয়াত ইখনৰ পিছত সিখনকৈ তিনিখন নিৰ্বাচনী ৰাজহুৱা সভাত ভাষণ দিব তেওঁ । বিয়লি ২:১৫ বজাত ছাত্রপতি সম্ভাজী নগৰত প্রথমখন ৰাজহুৱা সভাত ভাষণ দিব প্রধানমন্ত্রী মোদীয়ে ৷ ইয়াৰ পিছত তেওঁ পানভেললৈ যাব । য’ত তেওঁ বিয়লি ৪.৩০ বজাত ৰাজহুৱা সভাত ভাষণ দিব তেওঁ । ইয়াৰ পিছতে মুম্বাই ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াত তেওঁ সন্ধিয়া ৬.৩০ বজাত নিৰ্বাচনী ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।
ঝাৰখণ্ডত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰক গতি দিব শ্বাহে-
আজি ঝাৰখণ্ড ভ্ৰমণলৈ যাব গৃহমন্ত্ৰী অমিত শ্বাহ। ইয়াত তেওঁ তিনিখন নিৰ্বাচনী ৰাজহুৱা সভা অনুষ্ঠিত কৰি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰক গতি দিব । গিৰিডিহ বিধানসভাত অনুষ্ঠিত হ’ব শ্বাহৰ প্ৰথমখন ৰাজহুৱা সভা । ইয়াৰ পিছত তেওঁ গণ্ডেয়ালৈ যাব । কুসুম্ভত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ বিজেপিৰ সপক্ষে পৰিবেশ সৃষ্টি কৰিব । ইয়াৰ পিছত শ্বাহে ডুমৰি ভ্ৰমণ কৰিব । ইয়াত তেওঁ উপৰঘাট বোকাৰোত নিৰ্বাচনী ৰাজহুৱা সভাত ভাষণ দিব ।