দিল্লীয়ে লাভ কৰিছে নতুন মুখ্যমন্ত্ৰী । ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী ৰেখা গুপ্তাই বৃহস্পতিবাৰে (২০ ফেব্ৰুৱাৰী, ২০২৫) ৰামলীলা ময়দানত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব । বিশেষ কথাটো হ’ল ৰেখা গুপ্তা দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হ’ব, কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ৰেখা গুপ্তাই দলত কি ডাঙৰ দায়িত্ব পালন কৰি আছিল, জানক ।
বিধায়িকা হোৱাৰ পূৰ্বে ৰেখা গুপ্তাই সাংগঠনিক পৰ্যায়তো গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিছে । ৰেখা গুপ্তা মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী । দিল্লী বিজেপিৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে তেওঁ । বিশেষ কথাটো হ’ল ৰেখা গুপ্তাই দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সক্ৰিয় সদস্য হিচাপে পৰিগণিত হোৱাৰ লগতে সংঘৰ কাৰ্যসূচীত প্ৰায়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখা গৈছে ।
প্ৰথম দুটা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হৈছিল-
২০১৫ চনৰ বিধানসভা নিৰ্বাচনত ৰেখা গুপ্তাই শালিমাৰ বাগ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ১১ হাজাৰ ভোটত পৰাস্ত হৈছিল । ২০২০ চনতো শালিমাৰ বাগৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও চাৰে চাৰি হাজাৰ ভোটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । ইয়াৰ পিছত ২০২২ চনত শালিমাৰ বাগ-বি ৱাৰ্ডৰ পৰা কাউন্সিলাৰ নিৰ্বাচিত হয় তেওঁ । ৰেখা গুপ্তাই ২০২৫ চনত এইবাৰ শালিমাৰ বাগ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল আৰু এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে ।
মুখ্যমন্ত্ৰী পদৰ বাবে আছিল বহু প্ৰতিদ্বন্দ্বী-
দিল্লীত মুখ্যমন্ত্ৰী পদৰ বাবে বহু প্ৰতিদ্বন্দ্বী আছিল । আম আদমী পাৰ্টিৰ ডাঙৰ ডাঙৰ নেতাক পৰাস্ত কৰাৰ পিছত মুখ্যমন্ত্ৰী পদৰ বাবে নাম বিবেচনা কৰা হৈছিল বিজেপিৰ বহু প্ৰাৰ্থী । মুখ্যমন্ত্ৰী পদৰ প্ৰধান প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত প্ৰথম নাম আছিল নতুন দিল্লীৰ বিধানসভাৰ আসনৰ পৰা অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰৱেশ বাৰ্মা, তাৰ পিছতে ৰেখা গুপ্তাৰ নাম । বিজেন্দ্ৰ গুপ্তা আৰু সতীশ উপাধ্যায়ৰ নামো চৰ্চা চলিছিল ।