ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজন অৰ্থাৎ আই পি এল ২০২৫ৰ সূচী ঘোষণা কৰা হৈছে । আই পি এল ২০২৫ৰ প্ৰথমখন মেচ ২২ মাৰ্চত কে কে আৰৰ ঘৰুৱা খেলপথাৰ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব । ২৫ মে’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ফাইনেল ।
২২ মাৰ্চত ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ প্ৰথমখন মেচ । ইফালে ২৫ মে’ত ইডেন গাৰ্ডেনৰ খেলপথাৰতে ১৮ সংখ্যক ছিজনৰ ফাইনেল খেল অনুষ্ঠিত হ’ব । ২০২৫ চনৰ আই পি এলত ১৩খন চহৰত ১০টা দলৰ মাজত মুঠ ৭৪খন খেল অনুষ্ঠিত হ’ব । ইয়াৰ ভিতৰত নকআউট অৰ্থাৎ প্লে অফৰ মেচো অন্তৰ্ভুক্ত আছে । ২২ মাৰ্চৰ পৰা ১৮ মে’ৰ ভিতৰত লীগ পৰ্যায়ৰ মেচ অনুষ্ঠিত হ’ব ।
চেন্নাই আৰু মুম্বাইৰ মাজত দুবাৰ সংঘৰ্ষ হ’ব
২৩ মাৰ্চত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ সৰ্ববৃহৎ খেলখন । এই দিনটোত আই পি এলৰ দুটা বৃহৎ দলৰ মাজত সংঘৰ্ষ হ’ব । ২৩ মাৰ্চত চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত হ’ব সংঘৰ্ষ । এই ছিজনত দুয়োটা দলৰ মাজত দুবাৰকৈ যুঁজ হ’ব ।
আই পি এল ২০২৫ৰ দ্বিতীয়খন খেল ২৩ মাৰ্চত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ’ব । ২৩ মাৰ্চত চেন্নাই আৰু মুম্বাইৰ মাজতো সংঘৰ্ষ হ’ব । অৰ্থাৎ ২৩ মাৰ্চত অনুষ্ঠিত হ’ব দুখনকৈ মেচ ।
১৩খন চহৰত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ মেচ-
আই পি এলৰ ১৮ সংখ্যক ছিজনৰ খেলসমূহ মুঠ ১৩খন চহৰত অনুষ্ঠিত হ’ব । আই পি এল ২০২৫ৰ খেলসমূহ লক্ষ্ণৌ, মুম্বাই, হায়দৰাবাদ, চেন্নাই, আহমেদাবাদ, বিশাখাপট্টনম, গুৱাহাটী, বেংগালুৰু, নিউ চণ্ডীগড়, জয়পুৰ, দিল্লী, কলকাতা আৰু ধৰমশালাত অনুষ্ঠিত হ’ব । ২০২৫ চনৰ আই পি এলত মুঠ ১২খন ডাবল হেডাৰ মেচ অনুষ্ঠিত হ’ব ।
প্ৰতি বছৰে আই পি এলৰ প্ৰথমখন মেচ পূৰ্বৰ ছিজনৰ ফাইনেল খেলা দল দুটাৰ মাজত খেলা হয় যদিও এইবাৰ সেয়া হোৱা নাই । যোৱা ছিজনৰ ফাইনেলত অৰ্থাৎ আই পি এল ২০২৪ত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত সংঘৰ্ষ হৈছিল যদিও আই পি এল ২০২৫ৰ প্ৰথমখন মেচ কে কে আৰ আৰু আৰ চি বিৰ মাজত অনুষ্ঠিত হ’ব ।
গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ মেচ-
উল্লেখ্য যে, আই পি এল ২০২৫ৰ সময়সূচী ঘোষণা কৰাৰ মাজতে অসমবাসীৰ বাবেও আহিছে ভাল খবৰ । কিয়নো আই পি এলৰ ১৮ সংখ্যক সংস্কৰণৰ দুখনকৈ মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । আই পি এলৰ দল ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ দুখনকৈ হাই ভল্টেজ মেচ । গুৱাহাটীত ২৬ মাৰ্চত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হ’ব মেচ । ইফালে ৩০ মাৰ্চত অনুষ্ঠিত হ’ব চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচ ।