আৰম্ভ হৈছে আই পি এল ২০২৫ৰ কাউণ্টডাউন, ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা । ইয়াৰ পূৰ্বে সকলো দলে অনুশীলন মেচ খেলি আছে । ৰাজস্থান ৰয়েলছৰ অনুশীলন মেচত বেটছমেন ৰিয়ান পৰাগে বিস্ফোৰক বেটিং কৰি ৬৪ বলত অপৰাজিত ১৪৪ ৰান সংগ্ৰহ কৰিছে ।
১৪৪ ৰানৰ বিস্ফোৰক ইনিংছত ১০টা ছয় আৰু ১৬টা চাৰি কোবাই ৰিয়ান পৰাগে । ৰাজস্থান ৰয়েলছৰ গুৰুত্বপূৰ্ণ খেলুৱৈ পৰাগ আৰু তেওঁৰ ফৰ্মে সঞ্জু চেমছন আৰু দলটোক যথেষ্ট সকাহ দিব । ২৩ মাৰ্চত আই পি এল ২০২৫ত ৰাজস্থান ৰয়েলছে প্ৰথমখন মেচ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব ।
ৰিয়ান পৰাগ আই পি এল কেৰিয়াৰ-
২০১৯ চনত আই পি এলত অভিষেক ঘটোৱা ৰিয়ান পৰাগে এই পৰ্যন্ত প্ৰতিযোগিতাখনত ৭০খন মেচ খেলিছে । ইয়াৰ ভিতৰত তেওঁ ১৩৫ ষ্ট্ৰাইক ৰেটত ১১৭৩ ৰান সংগ্ৰহ কৰিছে । আই পি এলত ৰিয়ান পৰাগৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ৮৪ ৰান । তেওঁ ৬টা অৰ্ধশতকীয় ইনিংছ খেলিছে ।
ৰাজস্থান ৰয়েলছৰ শক্তিশালী বেটিং লাইন আপ-
জোছ বাটলাৰৰ বিদায়ৰ পিছতো ৰাজস্থান ৰয়েলছৰ বেটিং ইউনিট যথেষ্ট শক্তিশালী দেখা গৈছে । দলটোত মুঠ ৮ জন ভাল বেটছমেন আছে, ইয়াৰে ছিমৰন হেটমায়াৰৰ ৰূপত মাত্ৰ ১ জন বিদেশী খেলুৱৈ আছে । সম্ভৱতঃ যশস্বী জয়ছোৱালে দলৰ হৈ সঞ্জুৰ সৈতে ইনিংছ মুকলি কৰিব ।
ৰাজস্থান ৰয়েলছ দলত আছে মাত্ৰ ২ জন অল ৰাউণ্ডাৰ খেলুৱৈ । এই দলৰ একমাত্ৰ অল ৰাউণ্ডাৰ খেলুৱৈ নীতিশ ৰানা আৰু যুধবীৰ সিং । এই দলটোত সৰ্বাধিক বলাৰ আছে । ৰাজস্থান ৰয়েলছ দলত আছে ১০ জন বলাৰ ।
আই পি এল ২০২৫ত ৰাজস্থান ৰয়েলছৰ খেলুৱৈ-
সঞ্জু চেমচন (অধিনায়ক), যশস্বী জয়ছোৱাল, ছিমৰন হেটমেয়াৰ, শুভম ডুবে, বৈভৱ সূৰ্যবংশী, ধ্ৰুৱ জুৰেল, কুনাল সিং ৰাথোৰ, ৰিয়ান পৰাগ, যুধবীৰ সিং চৰাক, নীতিশ ৰাণা, সন্দীপ শৰ্মা, তুষাৰ দেশপাণ্ডে, আকাশ মাধৱাল, কুমাৰ কাৰ্তিকেয়া, কুৱেনা ম্ফাকা, ৱানিন্দু হাসৰংগা, মহেশ তীক্ষনা, ফজলহক ফাৰুকী, অশোক শৰ্মা, জোফ্ৰা আৰ্চাৰ ।