অৰুণাচলত বৰষুণ-ভূমিস্খলনৰ তাণ্ডৱ
শুকুৰবাৰে নিশা অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ ছেপ্পাত প্ৰৱল বৰষুণৰ বাবে হোৱা ভূমিস্খলনৰ ফলত ৭ জন লোকৰ মৃত্যু হয় । এখন বাহনত গৈ থকা অৱস্থাতেই সংঘটিত হয় এই শোকাৱহ ঘটনা । এই দুৰ্ঘটনাৰ পিছত ৩০ আৰু ৩১ মে’ৰ মাজনিশা ধাৰাসাৰ বৰষুণৰ মাজতে নিৰুদ্দেশ হোৱা লোককেইজনৰ সন্ধান আৰম্ভ কৰা হয় ।
দুটা পৰিয়াল কঢ়িয়াই নিয়া বাহনখনত ৭ জন লোক আছিল । দুৰ্ঘটনাটোত আটাইকেইজন যাত্ৰীৰে মৃত্যু হয় । পূব কামেং জিলাৰ ছেপ্পাৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত শুকুৰবাৰে নিশা ধাৰাসাৰ বৰষুণৰ বাবে এই ঘটনা সংঘটিত হয় । ইষ্ট কামেঙৰ আৰক্ষী অধীক্ষকে ঘটনাত ৭ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে । তেওঁ কয় যে ভূমিস্খলনৰ বাবে গাড়ীখন পাহাৰৰ পৰা বাগৰি অহা পানীয়ে উটুৱাই নিয়াত এটা দ খাৱৈত পৰি যায় । এই সময়ছোৱাত কোনো যাত্ৰীয়েই গাড়ীৰ পৰা নামিবলৈ কোনো সুযোগ নাপালে, ফলত আটাইকেইজনৰে মৃত্যু হয় ।
গাঁওবাসীৰ প্ৰচেষ্টা আৰু গুৰুত্বপূৰ্ণ সাহায্যৰে ৩১ মে’ৰ পৰা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হয় বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে । কেইবা ঘণ্টা ধৰি চলা অনুসন্ধানৰ অন্তত অৱশেষত ঘাইপথৰ পৰা প্ৰায় ১৫০ মিটাৰ তলত উদ্ধাৰ হয় দুৰ্ঘটনাগ্ৰস্ত বাহনখন ।
ইয়াৰ পিছত বহু কষ্টৰ অন্তত বাহনখনৰ পৰা সকলো মৃতদেহ উলিয়াই অনা হয় । ইয়াৰ পিছতে আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত মৃতদেহ পৰিয়ালক গতাই দিয়া হ’ব । অৰুণাচল প্ৰদেশৰ গৃহমন্ত্ৰী মামা নাটঙে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে ।
লগতে পঢ়ক : ৰাজ্যত বানৰ বিধ্বংসী ৰূপ… ভূমিস্খলনত ৫ জনৰ মৃত্যু, হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত