২০২৫ চনৰ অস্কাৰত বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে কিৰণ ৰাওৰ ছবি ‘লাপাতা লেডিজ’ এ । আমিৰ খানৰ প্ৰযোজিত এই ছবিখন ৯৭ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ফিল্ম শিতানত ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ আছিল । কিন্তু বেয়া খবৰটো হ’ল ‘লাপাটা লেডিজ’ বৰ্তমান অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হৈছে । এই খবৰ লাভ কৰি অনুৰাগীসকল অতিশয় হতাশ হৈ পৰিছে ।
বাহিৰ হ’ল ‘লাপাটা লেডিজ’-
মঙলবাৰে একাডেমী অৱ মোচন পিকচাৰ্ছ আৰ্টছ এণ্ড ছায়েন্সে পৰৱৰ্তী ৰাউণ্ডৰ বাবে নিৰ্বাচিত ১৫খন ছবিৰ নাম ঘোষণা কৰে । ইয়াত কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত লাপাটা লেডিজ ছবিখন চৰ্টলিষ্ট নহ’ল । পৰৱৰ্তী ৰাউণ্ডৰ বাবে মুঠ ১৫খন ছবি বাছনি কৰা হৈছে । এইসমূহ চোৱাৰ পিছত একাডেমীৰ সদস্যসকলে চূড়ান্ত তালিকাৰ বাবে সিদ্ধান্ত ল’ব ।
আমিৰৰ এই ছবিখন বাহিৰ হ’ল ঠিকেই, কিন্তু ২০২৫ চনৰ অস্কাৰ বঁটালৈ ব্ৰিটেইনে প্ৰেৰণ কৰা হিন্দী ভাষাৰ ছবি ‘সন্তোষ’ক পৰৱৰ্তী ৰাউণ্ডৰ বাবে চৰ্টলিষ্ট কৰা হৈছে । ব্ৰিটিছ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সন্ধ্যা ছুৰীয়ে পৰিচালনা কৰিছে চিনেমাখন । ২ মাৰ্চত ঘোষণা কৰা হ’ব অস্কাৰ ২০২৫ৰ বিজয়ীসকলৰ নাম ।
কিমান উপাৰ্জন কৰিছিল লাপাটা লেডিজে ?
২০২৪ চনৰ ১ মাৰ্চত মুক্তি পাইছিল লাপাটা লেডিজে । ইয়াত নিতাংশী গোৱেল, প্ৰতিভা ৰান্তা, ৰবি কিষণ, স্পৰ্শ শ্ৰীবাস্তৱক গুৰুত্বপূৰ্ণ ভূমিকাত দেখা গৈছিল । ছবিখনক সমালোচক আৰু দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰিছিল । ভাৰতৰ গ্ৰাম্য অঞ্চলত পৰিৱেশিত এই ছবিখন ৰে’লত সাল-সলনি হোৱা দুগৰাকী কইনাৰ কাহিনীৰে নিৰ্মিত হৈছে । কিৰণ ৰাওৰ এই ছবিখনে বহু সামাজিক বিষয় চুই গৈছে । ৫ কোটিৰ বাজেটত নিৰ্মিত এই ছবিখনৰ ইণ্ডিয়া নেট সংগ্ৰহ ২০.৫৮ কোটি । আনহাতে বিশ্বজুৰি ছবিখনে ২৭.০৬ কোটি টকাৰ ব্যৱসায় কৰিছিল ।