অষ্ট্ৰেলিয়াৰ বিপক্ষে চলিত গাব্বা টেষ্টত যশপ্ৰীত বুমৰাহে তেওঁৰ বলিংৰ দ্বাৰা উজলি উঠিছে। তেওঁ ব্ৰিছবেন টেষ্ট মেচৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ ৬ টা উইকেট দখল কৰিছিল।
এই প্ৰদৰ্শনৰ বাবে বুমৰাহে যথেষ্ট প্ৰশংসা লাভ কৰিছে। ইংলেণ্ডৰ মহিলা দলৰ প্ৰাক্তন অধিনায়ক ঈশা গুহাইও বুমৰাহৰ বলিংক প্ৰশংসা কৰিছিল, কিন্তু এই সময়ছোৱাত তেওঁৰ মুখৰ পৰা কিছুমান শব্দ ওলাই আহিছিল যাৰ বাবে তেওঁ ক্ষমা বিচাৰিব লগা হৈছে।
দেওবাৰে টেষ্টৰ দ্বিতীয় দিনা বুমৰাহে অষ্ট্ৰেলিয়াৰ দুয়োজন অপেনাৰক আউট কৰাৰ পিছত ভাৰতীয় বলাৰৰ ব্ৰেট লীৰ প্ৰশংসাৰ প্ৰতিক্ৰিয়া স্বৰূপে ঈশা গুহাৰে এক মন্তব্য কৰিছিল।
নিজ মন্তব্যত ইছা গুহাই বুমৰাহৰ বাবে প্ৰাইমেট শব্দ ব্যৱহাৰ কৰিছিল। এই শব্দৰ এক অৰ্থ হৈছে বান্দৰ। ইছা গুহাৰ এই মন্তব্যৰ পিছত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল।
এই বিষয়ত ভাৰতীয় অনুৰাগীসকল ক্ষোভিত হৈ পৰে আৰু সামাজিক মাধ্যম যোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
এই বিতৰ্কৰ পিছত এতিয়া বুমৰাহৰ ওচৰত ক্ষমা বিচাৰিছে ইছা গুহাই। গাব্বাত আজি তৃতীয় দিনৰ খেল আৰম্ভ হোৱাৰ লগে লগে কমেণ্ট বক্সত ধাৰাভাষ্যকাৰ হিচাপে যোগদান কৰি ইছা গুহাই দেওবাৰৰ মন্তব্যৰ বাবে ক্ষমা খোজে।
তেওঁ কয়, “দেওবাৰে ধাৰাবিৱৰণী কৰি থকাৰ সময়ত মই এনে এটা শব্দ ব্যৱহাৰ কৰিলো, যাৰ বহু অৰ্থ আছে। যদি মই কিবা ভুল ক’লো বা কাৰোবাক আঘাত দিলো, তাৰ বাবে প্ৰথমে ক্ষমা বিচাৰিছো। ইয়াৰ বাবে মই অত্যন্ত দুঃখিত।”
তেওঁ লগতে কৈছিল যে “তেওঁৰ মন্তব্যত কোনো বিদ্বেষ নাছিল। মই এজন অধিবক্তা আৰু এনে এজন ব্যক্তি যিয়ে মোৰ কেৰিয়াৰ ক্ৰীড়াত অন্তৰ্ভুক্তি আৰু বুজাবুজিৰ বিষয়ে চিন্তা কৰি অতিবাহিত কৰিছে”।
“মই তেওঁৰ কৃতিত্বৰ বিশালতা ধৰিবলৈ চেষ্টা কৰি আছিলো আৰু মই ভুল শব্দটো বাছনি কৰিছিলো। মই ইয়াৰ বাবে অত্যন্ত দুঃখিত”।
“মই দক্ষিণ এছিয়া মূলৰ গতিকে মই আশা কৰোঁ যে মানুহে বুজি পাব যে ইয়াত আন কোনো উদ্দেশ্য বা বিদ্বেষ জড়িত নাছিল। আকৌ এবাৰ কৈছো মই সঁচাকৈয়ে দুঃখিত”।