দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন, ৰশ্মিকা মান্দন্না আৰু ফাহাদ ফাচিলৰ ছবি ‘পুষ্পা ২: দ্য ৰুল’ তিনিদিন ধৰি বক্স অফিচত খলকনি লগাই আছে আৰু ছবিখনে অভিলেখ ভংগকাৰী উপাৰ্জনো অব্যাহত ৰাখিছে।
যোৱা দুদিনত, ছবিখনে উপাৰ্জনৰ ক্ষেত্ৰত আগৰ বহুতো ব্লকবাষ্টাৰ চলচ্চিত্ৰৰ অভিলেখ ভংগ কৰে আৰু নতুন অভিলেখ গঢ়ি তোলিছে। এই সময়ত ‘পুষ্পা ২’য়ে সমগ্ৰ বিশ্বতে আধিপত্য বিস্তাৰ কৰিছে।
ছবিখন ৫ ডিচেম্বৰ বৃহস্পতিবাৰে ছবিগৃহত মুক্তি দিয়া হয় আৰু এই তিনিদিনত ছবিখনে বহুতো চলচ্চিত্ৰৰ অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়ি তোলিছে।
সুকুমাৰৰ দ্বাৰা পৰিচালিত’ ছবিখনে প্ৰথম দিনৰ পৰাই বক্স অফিচত ভাল প্ৰদৰ্শন কৰি আহিছে। প্ৰথম দিনা, ছবিখনে বিশ্বজুৰি ২৯৪ কোটি টকা উপাৰ্জন কৰে। দ্বিতীয় দিনা বিশ্বজুৰি ৯০.১০কোটি টকা উপাৰ্জন কৰিছিল, কিন্তু তৃতীয় দিনা, ছবিখনে বিশ্বজুৰি ৫০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে । একে সময়তে, ভাৰতত ছবিখনৰ মুঠ সংগ্ৰহ আছিল ৩৮৩.৭কোটি।
তৃতীয় দিনা আল্লু অৰ্জুনৰ ‘পুষ্পা ২’ৰ উপাৰ্জনৰ বিষয়ে ক’বলৈ গ’লে ছেকনিলকৰ প্ৰতিবেদন অনুসৰি, ছবিখনে তৃতীয় দিনটোত ১১৫ কোটি টকা উপাৰ্জন কৰিছে (আনুমানিক উপাৰ্জন)।
আমোদজনকভাৱে, তেলেগুতকৈ হিন্দীত ‘পুষ্পা 2’ৰ উন্মাদনা অধিক দেখা গৈছে। তেলেগু, হিন্দী, কানাড়া, তামিল, মালায়ালম ভাষাত ‘পুষ্পা ২’ মুকলি কৰা হৈছে। তৃতীয় দিনা, য’ত ছবিখনৰ তেলেগু সংস্কৰণে ৩১.৫ কোটি টকা উপাৰ্জন কৰিছে, হিন্দী ভাষাত ছবিখনে ৭৩.৫কোটি টকা সংগ্ৰহ কৰিছে।