মহাৰাষ্ট্ৰৰ বিজেপি নেতা নিশিকান্ত ভোচালে পাটিল আৰু প্ৰাক্তন বিজেপি সাংসদ সঞ্জয়কাকা পাটিলে শুকুৰবাৰে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ উপস্থিতিত এনচিপিত যোগদান কৰে। ইয়াৰ ঠিক পিছতে, দলটোৱে ইছলামপুৰৰ পৰা নিশিকান্ত ভোচালে পাটিল আৰু তাচগাঁও কাভাথে মহাকাল বিধানসভা আসনৰ পৰা সঞ্জয়কাকা পাটিলক প্ৰাৰ্থিত্ব প্ৰদান কৰে। এনচিপিত যোগদান কৰাৰ পিছত, বিজেপিৰ প্ৰাক্তন সাংসদ সঞ্জয় কাকা পাটিলে কয়, “এনচিপি মহাযুতিৰ অংশ।আমাৰ জিলাত, এনচিপিয়ে তাচগাঁও কাৱথে মহাকালকে ধৰি দুখন বিধানসভা আসন লাভ কৰিছিল।মই মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব লগা হৈছিল, সেয়েহে মই এনচিপিত যোগদান কৰিলো”। বিজেপি নেতা নিশিকান্ত ভোচাল পাটিলে কয়, “আমাৰ নেতা দেৱেন্দ্ৰ ফাড়নাবিছৰ নিৰ্দেশত মই আজি এনচিপিত যোগদান কৰিছো।ইছলামপুৰ বিধানসভা আসনখন এনচিপিলৈ যোৱাৰ বাবে মই বিজেপিৰ পৰা এনচিপিলৈ আহিব লগা হৈছে। মই এনচিপিৰ টিকটত ইছলামপুৰ আসনৰ পৰা নিৰ্বাচনত জয়ী হ’ম বুলি মই আশাবাদী।”