‘ৰাষ্ট্ৰীয় সন্মানেৰে শেষ বিদায় দিয়া হ’ব জুবিন গাৰ্গক’
কাইলৈ শেষকৃত্য সম্পন্ন হ’ব সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ।মঙলবাৰে পুৱা ৭.৩০ৰ পৰা ৮ বজাৰ ভিতৰত সৰুসজাইৰ পৰা সোণাপুৰলৈ লৈ যোৱা হ’ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।সোণাপুৰৰ অন্তেষ্টিক্ৰিয়াৰ স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষমা কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব প্ৰিয় শিল্পীৰ অন্তেষ্টিক্ৰিয়া।পুৱা সোণাপুৰলৈ নিয়াৰ সময়ত পৰিয়ালৰ সকলো লোকৰ কাৰণে চৰকাৰে কৰিছে বিশেষ বাহনৰ ব্যৱস্থা কৰা হ’ব।তাত অন্য কোনো বাহনে প্ৰৱেশ কৰিব নোৱাৰিব।জুবিন গাৰ্গৰ অন্তেষ্টিক্ৰিয়া শেষ নোহোৱা লৈকে ৰাষ্ট্ৰীয় ঘাইপথত চলিব নোৱাৰিব যান-বাহন।
তেওঁ লগতে কয় যে, জুবিন গাৰ্গৰ ১৩ দিনীয়া শ্ৰাদ্ধ যোৰহাটত সম্পন্ন কৰা হ’ব। আদ্যশ্ৰাদ্ধত পৰিয়ালৰ সকলো লোক উপস্থিত থাকিব।
১৩ দিনৰ দিনাই যোৰহাটলৈ লৈ যোৱা হ’ব জুবিন গাৰ্গৰ চিতাভষ্ম। সোণাপুৰৰ সমান্তৰালকৈ যোৰহাটতো সমাধিক্ষেত্ৰৰ কাম আৰম্ভ হব।সোণাপুৰত নিৰ্মাণ কৰা জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ চাৰিপাশে দিয়া হব বাউণ্ডাৰি।
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, চিৰকাললৈ মনত ৰাখিব পৰাকৈ জুবিন গাৰ্গক বিদায় দিয়া হ’ব। যাতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সকলোৱে জুবিন গাৰ্গক মনত ৰাখিব পাৰে।
লগতে পঢ়ক: আজিও লোকাৰণ্য সৰুসজাই; প্ৰাণৰ শিল্পীগৰাকীক চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ