প্ৰিয় শিল্পীৰ বিয়োগত স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিল গুৱাহাটী মহানগৰী
চৌদিশে এতিয়া কেৱল এতিয়া শোকৰ ঢৌ । প্ৰিয় শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাই শোকস্তব্ধ ৰাজ্যবাসী । অসমীয়াৰ কলিজাৰ টুকুৰা জুবিন গাৰ্গক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে ৰাজ্যবাসী । আজি জুবিন বিহীন প্ৰথমটো দিন পাৰ কৰিছে ৰাজ্যবাসীয়ে । সমগ্ৰ ৰাজ্যতে হিয়াৰ আমঠু শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে অনুৰাগী তথা ৰাইজে ।
গুৱাহাটী মহানগৰীটো দেখা গৈছে শোকাকুল পৰিৱেশ । মহানগৰীৰ আলিয়ে-গলিয়ে প্ৰিয় শিল্পীগৰাকীক সোঁৱৰি শোকত ভাগি পৰা দেখা গৈছে অনুৰাগীক । তেওঁৰ গীত গাই, ৰেলী কৰি, ফটোত পুষ্পাঞ্জলি অৰ্পণ তথা বন্তি প্ৰজ্বলনেৰে বুকুৰ আপোন শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অনুৰাগীয়ে । ইয়াৰ মাজতে সমগ্ৰ মহানগৰীৰ সকলো দোকান-পোহাৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰা পৰিলক্ষিত হয় ।
প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই সমগ্ৰ মহানগৰীতে স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰে ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ সকলো । কেৱল ব্যক্তিগত যান-বাহনৰ বাহিৰে সকলো ধৰণৰ চিটি বাছ সেৱা আদিও বন্ধ হৈ পৰা পৰিলক্ষিত হয় । ঔষধৰ দোকান সমূহৰ বাহিৰে সকলোধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, মল আদি বন্ধ পৰে মহানগৰীত ।
কেৱল গুৱাহাটী মহানগৰীয়েই নহয় ৰাজ্যৰ দ্বিতীয়খন মহানগৰী ডিব্ৰুগড়কে ধৰি ৰাজ্য সকলো বিলাক চহৰ-নগৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে । সকলোতে আপোন শিল্পী জুবিন গাৰ্গক সোঁৱৰি উচুপি উঠিছে প্ৰতিগৰাকী অনুৰাগী । আনহাতে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহলৈয়ো অগণন অনুৰাগীৰ সোঁত পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ….