‘X’-এ ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খেমেনীৰ একাউন্টত ব্লক কৰে। ইৰাণৰ সৰ্বোচ্চ নেতা খেমেনীৰ হিব্ৰু ভাষাৰ একাউণ্টটো স্থগিত ৰাখিছে।
X-এ METAৰ নিয়ম উলংঘা কৰা একাউণ্টসমূহ ব্লক কৰি ৰাখে।X-এ এতিয়াও ইয়াৰ পদক্ষেপৰ বাবে আৰু কোনো ব্যাখ্যা দিয়া নাই।
নেতা আয়াতুল্লা আলী খেমেনীয়ে এটা বাৰ্তা পোষ্ট কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে, য’ত লিখা আছিল- “জিয়নিষ্ট শাসনে ভুল কৰিলে। ইৰাণৰ ওপৰত কৰা হিচাপত ভুল হৈছিল। আমি ইয়াক বুজাবলৈ দিম যে ইৰাণী জাতিটোৰ কেনেধৰণৰ শক্তি, সামৰ্থ্য, পদক্ষেপ আৰু ইচ্ছাশক্তি আছে।”
নিজৰ পোষ্টটোত খেমেনীয়ে শনিবাৰে পুৱা ইৰাণৰ ওপৰত IDFৰ আক্ৰমণৰ কথা উল্লেখ কৰে। চলিত মাহৰ আৰম্ভণিতে ইজৰাইলৰ ওপৰত তেহৰানে ক্ষেপণাস্ত্ৰ আক্ৰমণৰ প্ৰতিশোধ হিচাপে দেশখনৰ প্ৰায় ২০টা সামৰিক স্থানক লক্ষ্য কৰি লৈছে।
১ অক্টোবৰত ইৰাণে হামাছ আৰু হিজবুল্লাহৰ নেতাসকলৰ লগতে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ এজন জেনেৰেলক হত্যা কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে কাম কৰি থকা বুলি কয়।