বিশ্ব ধঁপাত বিৰোধী দিৱস
প্ৰতি বছৰে ৩১ মে’ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয় । বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্বত এই বিশ্বব্যাপী পদক্ষেপৰ লক্ষ্য হৈছে ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰা । ইয়াৰ উপৰিও ই বিশ্বজুৰি ধঁপাত সেৱন হ্ৰাস কৰাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণৰ প্ৰসাৰ ঘটায় । এই দিৱসে ব্যক্তি, সম্প্ৰদায় আৰু চৰকাৰক ধঁপাতমুক্ত পৃথিৱীৰ দিশত পদক্ষেপ ল’বলৈ উৎসাহিত কৰে ।
বিস্ভ ধঁপাত বিৰোধী দিৱসস ২০২৫ৰ বিষয়বস্তু-
বিশ্ব ধঁপাত বিৰোধী দিৱস ২০২৫ৰ বিষয়বস্তু হৈছে ‘উজ্জ্বল সামগ্ৰী, অন্ধকাৰ উদ্দেশ্য, আবেদন উন্মোচন কৰা’, যিয়ে আকৰ্ষণীয় সোৱাদ আৰু পেকেজিঙত অহা ধঁপাতজাতীয় সামগ্ৰীৰ লুকাই থকা বিপদসমূহ উন্মোচন কৰাত গুৰুত্ব আৰোপ কৰে ।
বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবছাইটত কোৱা হৈছে যে ব্যৱসায়ে লাভৰ বাবে শিশুক হেঁচা মাৰি ধৰে । “প্ৰতিদিনে ধঁপাত আৰু নিকোটিন উদ্যোগে নতুন প্ৰজন্মৰ ব্যৱহাৰকাৰীক আকৰ্ষণ কৰিবলৈ আৰু বৰ্তমানৰ ব্যৱহাৰকাৰীসকলক ধৰি ৰাখিবলৈ নতুন কৌশল গ্ৰহণ কৰে ।”
বিশ্ব ধঁপাত বিৰোধী দিৱসৰ গুৰুত্ব-
ধঁপাত সেৱন বিশ্বজুৰি প্ৰতিৰোধযোগ্য মৃত্যুৰ অন্যতম প্ৰধান কাৰণ । সজাগতা বৃদ্ধিয়ে ব্যক্তিক ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰৰ পৰিণতি বুজিবলৈ সহায় কৰে ।
ইয়াৰ উপৰিও ই স্বাস্থ্য সংস্থাসমূহৰ বাবে এক মঞ্চ প্ৰদান কৰে আৰু ধঁপাত নিয়ন্ত্ৰণ নীতিৰ বাবে আগবঢ়াৰ পোষকতা কৰে । লগতে ধূমপান বন্ধ কৰিব বিচৰা লোকসকলক সম্পদ আৰু সহায় আগবঢ়োৱাও বিশ্ব ধঁপাত বিৰোধী দিৱসৰ লক্ষ্য ।
ধঁপাতৰ ক্ষতিকাৰক প্ৰভাৱ-
কৰ্কট ৰোগ-
ধঁপাত সেৱন বহু ধৰণৰ কেন্সাৰ বিশেষকৈ হাওঁফাওঁৰ কৰ্কট ৰোগৰ অন্যতম প্ৰধান কাৰণ । ইয়াৰ উপৰিও ধঁপাতৰ জৰিয়তে মুখ, ডিঙি, খাদ্যনলী, মূত্ৰাশয় আৰু অগ্নাশয়ৰ কৰ্কট ৰোগ হ’ব পাৰে ।
শ্বাস-প্ৰশ্বাসজনিত সমস্যা-
ধঁপাত সেৱনৰ ফলত ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD), এম্ফিচিমা আৰু ক্ৰনিক ব্ৰংকাইটিছ হ’ব পাৰে ।
হৃদৰোগ-
ধূমপান হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । ই ৰক্তবাহী নলী আৰু হৃদযন্ত্ৰৰ কাৰ্য্যক্ষমতাৰ ক্ষতি কৰে ।
চেকেণ্ডহেণ্ড স্মোক-
ধূমপান নকৰা লোকসকলেও হৃদৰোগ, হাওঁফাওঁৰ কৰ্কট ৰোগ, শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণকে ধৰি কেইবাটাও স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হয় ।
গৰ্ভাৱস্থা-
গৰ্ভাৱস্থাত ধঁপাত সেৱন কৰিলে গৰ্ভপাত, অকাল প্ৰসৱ, জন্মৰ সময়ত কম ওজন, শিশুৰ বিকাশৰ সমস্যা আদিৰ সম্ভাৱনা বৃদ্ধি পায় । গৰ্ভাৱস্থাত চেকেণ্ডহেণ্ড স্মোকৰ সংস্পৰ্শলৈ আহিলেও কেইবাটাও জটিলতাৰ সম্ভাৱনা বৃদ্ধি পায় ।
উল্লেখ্য যে, ধঁপাত মহামাৰী আৰু ইয়াৰ দ্বাৰা সৃষ্টি হোৱা প্ৰতিৰোধযোগ্য মৃত্যু আৰু ৰোগৰ প্ৰতি বিশ্বব্যাপী দৃষ্টি আকৰ্ষণ কৰিবলৈ ১৯৮৭ চনত বিশ্ব ধঁপাত বিৰোধী দিৱস স্থাপন কৰা হৈছিল ।
লগতে পঢ়ক : ৰাজহুৱা স্থানত চিগাৰেট খোৱাটো হ’ব ব্যয়বহুল; ধূমপান কৰাক লৈ জাৰি নিষেধাজ্ঞা