২০২৫ৰ এদিনীয়া বিশ্বকাপৰ সূচী…
মহিলা এদিনীয়া বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে । ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা । ভাৰত আৰু শ্ৰীলংকাৰ মুঠ ৫ খন খেলপথাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ৩০ ছেপ্টেম্বৰত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপৰ প্ৰথমখন মেচ । এই বিশ্বকাপত মুঠ ৩১খন মেচ অনুষ্ঠিত হ’ব, ইয়াৰে ২৮খন খেল লীগ পৰ্যায়ত অনুষ্ঠিত হ’ব । ঘৰুৱা পৰিৱেশত খেলিবলগীয়া টিম ইণ্ডিয়াই এই এদিনীয়া বিশ্বকাপত জয়ী হোৱাৰ এক সোণালী সুযোগ লাভ কৰিব । জনাওক বিশ্বকাপত ভাৰতৰ মেচ কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব ।
ভাৰতৰ বিশ্বকাপৰ সূচী-
৩০ ছেপ্টেম্বৰত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ জৰিয়তে টিম ইণ্ডিয়াই এই এদিনীয়া বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব । দ্বিতীয়খন মেচ ৫ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে আৰু তাৰ পিছত তৃতীয়খন খেল ৯ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আছে । ১২ অক্টোবৰত ভাৰত-অষ্ট্ৰেলিয়াৰ মেত অনুষ্ঠিত হ’ব, আনহাতে ১৯ অক্টোবৰত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতীয় দলটোৱে । ২৩ অক্টোবৰত ভাৰত বনাম নিউজীলেণ্ডৰ মেচখন অনুষ্ঠিত হ’ব আৰু টিম ইণ্ডিয়াৰ অন্তিমখন লীগ মেচ ২৬ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে হ’ব ।
জানক ভাৰতীয় দলৰ সূচী-
৩০ ছেপ্টেম্বৰ- ভাৰত বনাম শ্ৰীলংকা
৫ অক্টোবৰ- ভাৰত বনাম পাকিস্তান
৯ অক্টোবৰ- ভাৰত বনাম দক্ষিণ আফ্ৰিকা
১২ অক্টোবৰ- ভাৰত বনাম অষ্ট্ৰেলিয়া
১৯ অক্টোবৰ- ভাৰত বনাম ইংলেণ্ড
২৩ অক্টোবৰ- ভাৰত বনাম নিউজীলেণ্ড
২৬ অক্টোবৰ- ভাৰত বনাম বাংলাদেশ
ছেমি ফাইনেল খেলৰ সময়সূচী নিৰ্ধাৰণ কৰা হ’ব ছেমি ফাইনেলৰ দলসমূহৰ ওপৰত । প্ৰথমখন ছেমি ফাইনেল গুৱাহাটী বা কলম্বোত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন ছেমি ফাইনেল খেল বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ফাইনেলৰ স্থান এতিয়াও নিৰ্ণয় কৰা হোৱা নাই কাৰণ খিতাপৰ সংঘৰ্ষ বেংগালুৰু বা কলম্বোত অনুষ্ঠিত হ’ব ।
ভাৰতে এদিনীয়া বিশ্বকাপ জয় কৰিছেনে ?
হতাশাজনক সত্যটো হ’ল যে, ভাৰতীয় মহিলা ক্ৰিকেট দলে এতিয়াও এদিনীয়া বিশ্বকাপৰ ট্ৰফী লাভ কৰিব পৰা নাই । ১৯৭৩ চনৰ পৰা মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ মুঠ ১২ বাৰ অনুষ্ঠিত হৈছে, য’ত ভাৰতীয় দলটোৱে মাত্ৰ দুবাৰহে ফাইনেলত প্ৰৱেশ কৰিছে । ২০০৫ আৰু ২০১৭ চনত টিম ইণ্ডিয়াই বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও দুয়োবাৰেই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । সেয়েহে এইবাৰ ঘৰুৱা মাটিত ভাৰতীয় দলে এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰাৰ সোণালী সুযোগ লাভ কৰিব ।
লগতে পঢ়ক : ভাৰতীয় দলৰ পৰৱৰ্তী মেচ কেতিয়া ? জানক ২০২৬ৰ টি-২০ বিশ্বকাপলৈ সম্পূৰ্ণ সময়সূচী