থালাপথী বিজয়ৰ অন্তিমখন ছবি
দক্ষিণৰ ছুপাৰষ্টাৰ থালাপথী বিজয়ে ৫১ সংখ্যক জন্মদিন উদযাপন কৰিছে।জন্মদিন উপলক্ষে অভিনেতাগৰাকীয়ে তেওঁৰ শেষৰখন ছবি ‘জন নয়গান’ৰ টিজাৰ মুকলি কৰিছে।
ইয়াৰ লগতে অভিনেতা গৰাকীৰ ফাৰ্ষ্ট লুকটোও সকলোৰে সন্মুখত আহিছে। অভিনেতাজনক আৰক্ষীৰ অৱতাৰ টিজাৰত দেখা গৈছে। তেওঁৰ শক্তিশালী পুলিচ লুক দেখি বিজয়ৰ অনুৰাগীসকল অতিশয় আনন্দিত হৈছে।
‘জন নয়গান’ ছবিখনৰ টিজাৰত অভিনেতাগৰাকীক আৰক্ষীৰ ইউনিফৰ্মত দেখা গৈছে। যাৰ চাৰিওফালে হিংসাত্মক পৰিৱেশ আৰু জুই দেখুওৱা হৈছে।
টিজাৰৰ আৰম্ভণিতে এটা সংলাপ আহে। য’ত লিখা আছে, ‘এজন প্ৰকৃত নেতা ক্ষমতাৰ বাবে নহয়, জনসাধাৰণৰ বাবেহে উঠিছে।’
কেতিয়া মুক্তি পাব এই ছবিখন?
জানিব পৰা মতে অভিনেতা বিজয় ‘জন নয়গান’ৰ এই ছবিখন তেওঁৰ অন্তিমখন ছবি হ’ব পাৰে, কাৰণ ইয়াৰ পিছত তেওঁক ৰাজনীতিত সক্ৰিয়ভাৱে দেখা পোৱা যাব।
২০২৬ চনৰ ৯ জানুৱাৰীত মকৰ সংক্ৰান্তি আৰু পংগলৰ ঠিক আগতে ছবিখন ছবিগৃহত মুক্তি পাব।
২০২৬ ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজয়ে!
১৯৯২ চনত অভিনয়ত আত্মপ্ৰকাশ কৰা বিজয়ে নিজৰ কেৰিয়াৰত বহু হিট ছবি আগবঢ়াইছে।যোৱা বছৰ তেওঁ নিজৰ ৰাজনৈতিক দল তামিলাগা ভেট্ৰি কাঝাগাম আৰম্ভ কৰিছিল।
যাৰ হিন্দী নাম তামিলনাডু বিজয় পাৰ্টি।ধাৰণা কৰা হৈছে যে অভিনেতা বিজয়ে ছবি এৰি ৰাজনীতিত দেখা পাব আৰু ২০২৬ চনত বিধানসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব।
থালাপথী-পূজাক একেলগে দেখা যাব
এই ছবিখনত থালাপথী বিজয়ৰ সৈতে অভিনেত্ৰী পূজা হেগড়েক দেখা যাব ।ইয়াৰ উপৰিও ববি দেওল, প্ৰকাশ ৰাজ, প্ৰিয়মণি, মমিতা বাইজু, মনিছা ব্লেছী, বাৰলক্ষ্মী সাৰথকুমাৰৰ দৰে ডাঙৰ অভিনেতাও ইয়াত অভিনয় কৰিছে।
লগতে পঢ়ক: শ্বাহৰুখ খান আৰু গৌৰীয়ে কৰিলে নিয়ম উলংঘা!নিৰিক্ষণৰ বাবে মন্নত’ত BMC