নিশা শোৱাৰ পূৰ্বে কিয় খাব নালাগে গাখীৰ?
পুষ্টিকৰ উপাদানৰে সমৃদ্ধ গাখীৰ আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে, যেতিয়া আপুনি সঠিক পৰিমাণত আৰু সঠিকভাৱে গাখীৰ সেৱন কৰে।
কিছুমানে নিশা শোৱাৰ পূৰ্বে গাখীৰ খায় কিন্তু ৰাতি গাখীৰ খালে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।প্ৰতি নিশা শোৱাৰ আগতে যদি গাখীৰ খায়, তেতিয়া স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
আন্ত্ৰিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে
গাখীৰ খাই ৰাতি শুই থাকিলে আপোনাৰ আন্ত্ৰিক স্বাস্থ্যৰ বেয়াকৈ ক্ষতি হ’ব পাৰে।যদি আপুনি পেটৰ লগত জড়িত সমস্যাৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে আপোনাৰ এই অভ্যাসটো শুধৰাব লাগিব।ৰাতি গাখীৰ খোৱাৰ বাবে শ্লেষ্মাৰ সমস্যাও বৃদ্ধি পাব পাৰে।
মেদবহুলতাৰ বলি হ’ব পাৰে
ৰাতি শোৱাৰ আগতে গাখীৰ খোৱাটোৱে আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে আৰু আপুনি মেদবহুলতাৰ বলি হ’ব পাৰে।যদি আপুনি আপোনাৰ বৰ্ধিত ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে ৰাতি গাখীৰ খোৱা উচিত নহয়।
ইয়াৰ বাহিৰেও যদি আপুনি আপোনাৰ দাঁতৰ স্বাস্থ্যৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে শোৱাৰ আগতে গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে।
(এই লেখাত দিয়া পৰামৰ্শসমূহ কেৱল সাধাৰণ তথ্যৰ বাবেহে।স্বাস্থ্য সম্পৰ্কীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।)
লগতে পঢ়ক:বিশ্বৰ সৰ্বোচ্চ দলংখনত ত্ৰিৰংগা উৰুৱালে প্ৰধানমন্ত্ৰী মোদীয়ে; পাকিস্তানক দিলে সকিয়নী