কিমান দামী আই পি এলৰ ট্ৰফী ?
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত এতিয়ালৈকে ৭টা ভিন্ন দল চেম্পিয়ন হৈছে । চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছে ৫ বাৰকৈ আই পি এলৰ ট্ৰফী জয় কৰিছে । আই পি এলৰ ট্ৰফীৰ ডিজাইন অতি বিশেষ, যিটো দেখাত বিশ্বকাপৰ ট্ৰফীতকৈয়ো কম নহয় । কিয় নহ’ব, কাৰণ আই পি এল বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট লীগ । ২০২৫ চনত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু আৰু পঞ্জাব কিংছৰ ভিতৰত কোনো এটা দলে খিতাপ দখল কৰি ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে । কিয়নো ইয়াৰ পূৰ্বে এই দুটা দলৰ কোনোৱে কেতিয়াও আই পি এলৰ খিতাপ লাওভ কৰিবলৈ সক্ষম ৰহোৱা নাই । আই পি এল ২০২৫ৰ বিজয়ী লাভ কৰাৰ আগতে জানি লওক IPL ট্ৰফীৰ দাম কিমান ?
আই পি এলৰ ট্ৰফীৰ দাম কিমান ?
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে কেতিয়াও প্ৰকাশ কৰা নাই আই পি এল ট্ৰফীৰ প্ৰকৃত ব্যয় । আই পি এল চেম্পিয়ন দলক দিয়া ট্ৰফীৰ ডিজাইন অৰা (Orra) নামৰ এটা গহনা কোম্পানীয়ে কৰে । ২০০৮ চনৰ পৰাই অৰা কোম্পানীয়ে আই পি এল ট্ৰফী নিৰ্মাণ কৰি আহিছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি আই পি এল ট্ৰফীৰ খৰচ ৩০-৫০ লাখ টকা বুলি ধাৰণা কৰা হৈছে ।
আই পি এলৰ ট্ৰফী সম্পূৰ্ণ সোণ-ৰূপেৰে নিৰ্মিত নহয় । আচলতে ইয়াক সোণ, ৰূপ আৰু এলুমিনিয়ামকে ধৰি আন বহুতো ধাতু মিহলাই তৈয়াৰ কৰা হয় । ট্ৰফীত গোল্ড পলিচ লগোৱা হয়, যাৰ ফলত ইয়াৰ চিকচিকিয়া ৰূপ দেখা যায় । যিটো দলেই এই ট্ৰফী নাপাওক কিয়, ইয়াক নিজৰ ট্ৰফী কেবিনেটত এনেদৰে সজাই ৰাখে যেন ই এক ডাঙৰ কৃতিত্ব । ইয়াক ক্ৰীড়া জগতৰ আটাইতকৈ দামী ট্ৰফীৰ ভিতৰত গণ্য কৰা হয় ।
কোনে পাব আই পি এল ২০২৫ৰ ট্ৰফী ?
আই পি এল ২০২৫ৰ ফাইনেল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ’ব । আৰ চি বি আৰু পঞ্জাৱ দলে এতিয়ালৈকে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খিতাপ অৰ্জন কৰিব পৰা নাই । গতিকে ২০২৫ চনত আই পি এলে অষ্টমটো চেম্পিয়ন দল পোৱাটো নিশ্চিত । বংগালোৰে এতিয়ালৈকে চূড়ান্ত তিনিওখন মেচতে পৰাস্ত হোৱাৰ বিপৰীতে পঞ্জাবে এতিয়ালৈকে একমাত্ৰ ফাইনেলত পৰাস্ত হৈছে । এই মেচত সকলোৰে দৃষ্টি বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ আৰু জোছ হেজলউডৰ দৰে বিখ্যাত খেলুৱৈৰ ওপৰত থাকিব ।
লগতে পঢ়ক : আজি আই পি এলৰ খিতাপ দখলৰ যুঁজত নামিব পঞ্জাৱ-বেংগালুৰু; কোনে মাৰিব শেষ হাঁহি ?