বুধবাৰে ভাৰতে অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লয় । অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতে লয়টাৰিং মিউনিচন (loitering munition) বা ছুইচাইড ড্ৰ’ন ব্যৱহাৰ কৰিছিল । ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাই সমন্বয়ৰে সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত সম্পূৰ্ণ নিখুঁতভাৱে আক্ৰমণ চলায় । ভাৰতীয় চোৰাংচোৱা সংস্থাই আক্ৰমণৰ বাবে সন্ত্ৰাসবাদী আত্মগোপন স্থানৰ তথ্য প্ৰদান কৰে । এই সমগ্ৰ অভিযান ভাৰতীয় সীমান্তৰ পৰাই সংঘটিত হৈছিল ।
কি হয় এই আত্মঘাতী ড্ৰোন ?
লয়টাৰিং মিউনিচনক আত্মঘাতী বা কামিকাজে ড্ৰোন বুলিও কোৱা হয় । এইবোৰ হৈছে মানৱবিহীন আকাশী অস্ত্ৰ । ইয়াৰ বিশেষত্ব হ’ল এই ড্ৰোনে নিজৰ লক্ষ্যৰ ওপৰত আকাশত উৰি থাকে আৰু আদেশ পোৱাৰ লগে লগে শত্ৰুৰ স্থান ধ্বংস কৰে । এইবোৰ সঠিক তথা নিৰ্ভুল লক্ষ্যত আঘাতৰ বাবে জনাজাত । আত্মঘাতী ড্ৰ’নৰ আকাৰ, পেলোড আৰু ৱাৰহেডৰ ভিন্নতা থাকিব পাৰে । লয়টাৰিং মিউনিচন একক আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয়, যি ঠাইতে বিস্ফোৰণ ঘটি নিজৰ লক্ষ্য ধ্বংস কৰে । আশীৰ দশকত প্ৰথমবাৰৰ বাবে ছুইচাইড ড্ৰোন ব্যৱহাৰ কৰা হৈছিল যদিও ১৯৯০ আৰু ২০০০ চনত ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছিল । য়েমেন, ইৰাক, ছিৰিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত এই ড্ৰ’নসমূহৰ ব্যাপক ব্যৱহাৰ হৈছে । ২০২১ চনত বাণিজ্যিক জাহাজকো আত্মঘাতী ড্ৰ’নে লক্ষ্য কৰি লৈছে ।
অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতে পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লয়, য’ত বাহাৱালপুৰত জইছ-ই-মহম্মদৰ আত্মগোপন স্থান, মুৰিদকেৰ লস্কৰ-ই-তৈবা আত্মগোপন স্থান আৰু চক আমৰু, শিয়ালকোট, ভীম্বাৰ, গুলপুৰ, কোটলি, বাগ আৰু মুজাফ্ফৰাবাদৰ অঞ্চলসমূহো আছে । এই সময়ছোৱাত পাকিস্তানৰ সামৰিক ঘাটিত কোনো ধৰণৰ আক্ৰমণ কৰা হোৱা নাই । বুধবাৰে পুৱা ১.৪৪ বজাত প্ৰতিৰক্ষা মন্ত্ৰালয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত তথ্য প্ৰদান কৰে ।