‘এক বিন্দু তেজ থকালৈকে আমি যুঁজিম’
ছিপাঝাৰৰ গৰুখুঁটি প্ৰকল্পত উপস্থিত হৈ ৰাজ্যত চলি থকা উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, এতিয়াও অসমৰ ২৯ লাখ বিঘা মাটি বাংলাদেশীৰ কৱলত আছে।
বাংলাদেশী আৰু সন্দেহযুক্ত নাগৰিকৰ পৰা আমি অসমৰ প্ৰতিটুকুৰা ভূমি মুক্ত কৰিম। কাৰণ মোৰ লক্ষ্য বহুত ডাঙৰ।এটা বা দুটা উচ্ছেদ কৰিয়েই আমি থমকি নৰও।
আমি কাৰো ৰঙা চকুলৈ ভয় নকৰো আৰু কেতিয়াও আমি শিৰণত নকৰো। এক বিন্দু তেজ থকালৈকে আমি যুঁজি যাম ।
অসমীয়া জাতি কেতিয়াও পৰাজিত হ’ব নোৱাৰে।কাৰণ অসমীয়া দুৰ্জেয় আৰু অপৰাজিত জাতি। যাৰ বাবে অসমীয়াই কেতিয়াও ব্যশতা স্বীকাৰ কৰা নাছিল।
তেওঁ লগতে কয় যে, শংকৰ আৰু মাধৱৰ পৰিবৰ্তে আমি শংকৰ আৰি আজান কবলৈ ললো। কিন্তু আমি শংকৰ-মাধৱ বুলিহে ক’ব লাগিছিল। কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ-আজান হৈছিল।
মিলা-প্ৰীতিৰে জীয়াই থকাৰ বাবে আমি শংকৰ-আজান লিখিলো। কিন্তু জাতিটোক জীয়াই ৰাখিবলৈ ইয়াৰ বিৰুদ্ধে এতিয়া মাত মাতিব লাগিব।
এতিয়াৰে পৰা আজানপীৰ আজানপীৰৰ ঠাইত থাকিব আৰু শংকৰ-মাধৱ নিজৰ ঠাইত থাকিব।তেতিয়াহে আমি আমাৰ জাতিটোক জীৱাই ৰাখিব পাৰিম।
লগতে পঢ়ক: আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে… মমতা বেনাৰ্জীৰ অভিযোগৰ প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ