খেলত হে হাৰিছো, যুদ্ধত নহয়
আই পি এল ২০২৫ৰ প্ৰথমখন কোৱালিফায়াৰত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত আঠ উইকেটত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে দলটোৰ দুৰ্বল বেটিং স্বীকাৰ কৰি কয় যে আমি ‘খেলত হে হাৰিছো, যুদ্ধত নহয়’।
মুলনপুৰত অনুষ্ঠিত হোৱা কোৱালিফায়াৰ প্ৰথমখন খেলত আৰচিবিয়ে ১৪.১ অভাৰত মাত্ৰ ১০১ ৰান সংগ্ৰহ কৰি পঞ্জাবক অল আউট কৰে আৰু তাৰ পিছত মাত্ৰ ১০ অভাৰতে এই সহজ লক্ষ্যত উপনীত হ’ল।
মেচৰ পিছৰ প্ৰেজেণ্টেচনত পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে স্বীকাৰ কৰিলে যে, আই পি এলৰ প্ৰথমখন কোৱালিফায়াৰত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে তেওঁৰ দলটোৱে ৮ উইকেটত পৰাজয়ৰ সময়ত দলটোৱে খেলপথাৰৰ প্ৰকৃতিৰ ওপৰত সঁচাকৈয়ে “আচৰিত” হোৱা যেন লাগিছিল।
পঞ্জাব কিংছে দ্বিতীয়বাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ তেতিয়া পাব যেতিয়া তেওঁলোক কোৱালিফায়াৰ ২ত এলিমিনেটৰৰ বিজয়ী গুজৰাট টাইটানছ বা মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব।
আৰচিবিৰ পেচাৰ জোছ হেজলউড এণ্ড কো আৰু লেগ স্পিনাৰ সুৱাশ শৰ্মাৰ বিৰুদ্ধে বহু দায়িত্বহীন শ্বট খেলাৰ বাবে বেটিং স্তব্ধ হৈ পৰিল, কিন্তু শ্ৰেয়াছে নিজৰ অন ফিল্ডৰ সিদ্ধান্তবোৰ ভুল বুলি অস্বীকাৰ কৰে।
এই সময়ত শ্ৰেয়াছে মুলনপুৰ ষ্টেডিয়ামৰ বিষয়ে কয় যে,-‘মোৰ সিদ্ধান্তক লৈ মই সন্দেহ কৰা নাই।আমি আমাৰ বেটিঙত বিশেষকৈ এনে পিটচত কাম কৰিব লাগিব, ইয়াত খেলা সকলো মেচতে আমি কিছু অসমান বাউন্স দেখিছো’।
‘কিন্তু আমি এনে অজুহাত দিব নোৱাৰো কাৰণ আমি পেছাদাৰী খেলুৱৈ হয় আৰু আমি পৰিস্থিতি অনুসৰি খেলিব লাগিব, আৰু একে স্তৰতে প্ৰদৰ্শন কৰিব লাগিব’।
শ্ৰেয়াছে লগতে কয় যে, ‘এইটো পাহৰিব নোৱাৰা দিন নহয়, কিন্তু আমি ড্ৰয়িং বৰ্ডলৈ উভতি যাব লাগিব।আমি বহুত সোনকালে কেইবাটাও উইকেট হেৰুৱালোঁ।আমি আকৌ বহুত কথাত গুৰুত্ব দিব লাগিব’।’
‘আমি যি পৰিকল্পনা কৰিছিলোঁ, খেলপথাৰৰ বাহিৰত যি পৰিকল্পনা কৰিছিলোঁ, সকলোবোৰ ঠিকেই আছিল।আমি মাত্ৰ সেই পৰিকল্পনা সমূহ খেলপথাৰত কাৰ্যকৰী কৰিব পৰা নাছিলো।বলাৰসকলকো দোষ দিব নোৱাৰি, কাৰণ টাৰ্গেট অতি কম আছিল’।
লগতে পঢ়ক: ৯ বছৰৰ পিছত ফাইনেলত প্ৰৱেশ RCBৰ ; কোৱালিফায়াৰ-১ত মুখ ঠেকেচা পাঞ্জাৱ কিংছৰ