শেহতীয়াকৈ পাকিস্তানে নিজৰ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰক দেশৰ সৰ্বোচ্চ পদবী বুলি বিবেচিত ফিল্ড মাৰ্শ্বাল পদবীলৈ উন্নীত কৰিছে।
এই পদোন্নতিৰ জৰিয়তে অসীম মুনিৰ পাকিস্তানৰ ইতিহাসত ফিল্ড মাৰ্শ্বাল পদবী লাভ কৰা দ্বিতীয়জন সামৰিক বিষয়া হিচাপে পৰিগণিত হৈছে।তেওঁৰ পদোন্নতিৰ পিছত পাকিস্তানী সেনাই পুনৰবাৰ ভাৰতক ভাবুকি দিছে।
সেনাই কৈছে যে ভাৰতে জুইৰ সৈতে খেলি আছে, প্ৰয়োজন হ’লে ভাৰতৰ সৈতে যুদ্ধ কৰিবলৈ তেওঁলোক সাজু আছে।
আনকি পাকিস্তানৰ ডিজিআইএছপিআৰে কৈছিল যে প্ৰয়োজন হ’লে যুদ্ধ সম্ভৱ আৰু ভাৰতৰ সৈতে যুদ্ধৰ বাবে আমি সদায় সাজু।
পাকিস্তানৰ শ্বাহবাজ চৰকাৰে জেনেৰেল অসীম মুনীৰক ফিল্ড মাৰ্শ্বাল হিচাপে নিযুক্তি দিছে। এই ডাঙৰ সিদ্ধান্তটো শ্বাহবাজ চৰকাৰৰ কেবিনেটত লোৱা হৈছে ।
মুনীৰ ফিল্ড মাৰ্শ্বাল হোৱাৰ পিছত পাকিস্তানত এক ভয় আৰু আশ্চৰ্যৰ পৰিবেশে বিৰাজ কৰিছে। ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ইমৰাণ খানৰ দল পিটিআইয়ে।
দলৰ সমৰ্থকে কয় যে মুনীৰ ফিল্ড মাৰ্শ্বাল হোৱাৰ লগে লগে ইমৰাণ খান কেতিয়াও জেলৰ পৰা ওলাই আহিব নোৱাৰিব।