মুক্তিৰ পূৰ্বেই শক্তি প্ৰদৰ্শন ঋত্বিক-জুনিয়ৰ এন টি আৰৰ ‘ৱাৰ ২’ এ
ঋত্বিক ৰোশন আৰু জুনিয়ৰ এন টি আৰৰ ছবি War 2ৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে।এই ছবিখন অহা ১৪ আগষ্টত চিনেমাগৃহত মুক্তি পাব।
ঋত্বিক আৰু জুনিয়ৰ এন টি আৰৰ সৈতে ছবিখনত গ্লেমাৰ সংযোজন কৰা দেখা যাব কিয়াৰা আদৱানীয়ে।‘ৱাৰ ২’ৰ এডভান্স বুকিং আৰম্ভ হৈছে আৰু বৃহৎ সংখ্যক লোকে টিকট ক্ৰয় কৰিছে।
War 2 ৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা অনুৰাগীসকল ইয়াৰ বাবে উন্মাদ হৈ পৰিছে।চিনেমাখনক লৈ ব্যাপক চৰ্চা চলি আছে।
এই হুলস্থুল এডভান্স বুকিঙতো দেখা যায়।ইতিমধ্যে বিদেশত War 2 ৰ এডভান্স বুকিং মুকলি হৈছিল যদিও শেহতীয়াকৈ ভাৰতত ই কোটি টকা উপাৰ্জন কৰিছে।
War 2 ৰ এডভান্স বুকিঙৰ কথা ক’বলৈ গ’লে ছবিখনে এতিয়ালৈকে ৫.৬২ কোটি টকা উপাৰ্জন কৰিছে।ইয়াৰ ভিতৰত ব্লকৰ আসনও অন্তৰ্ভুক্ত।
এতিয়ালৈকে War 2 ৰ ৬৭২৩টা শ্ব’ৰ ৫৫৭৭৩টা টিকট বিক্ৰী হৈছে।প্ৰথম দিনাই ছবিখন চাবলৈ সকলোৱে অপেক্ষা কৰি আছে। ১৫ আগষ্টৰ বন্ধৰ দিনত ছবিখনে বহুখিনি লাভৱান হ’বলৈ গৈ আছে।
লগতে পঢ়ক: ‘উদয়পুৰ ফাইলছ’ৰ প্ৰযোজকলৈ মৃত্যুৰ ভাবুকি; সহায়ৰ বাবে আবেদন