‘ ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ’
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিছে এটা ভাল খবৰ। এখন সংবাদমেলৰ যোগে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে শীঘ্ৰেই অসমলৈ অনা হ’ব গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ।
বৰ্তমান ইউৰূপৰ ৩টা ব্ৰিটিছ মিউজিয়ামত আছে বৃন্দাবনী বস্ত্ৰখন। ছেপ্তেম্বৰত এই বিষয়ত আলোচনা কৰিবৰ বাবে লণ্ডলনৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষই অসম চৰকাৰক দিছে কেইবাটাও চৰ্ত।
এই চৰ্ত পূৰণ কৰিলে ২০২৭ বৰ্ষত ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব বৃন্দাবনী ব্স্ত্ৰখন। ইয়াৰ পূৰ্বে অসমবাসীয়ে এই বৰ্ষতে কলাক্ষেত্ৰত ডিজিটেলি চাব পাৰিব বৃন্দাৱনী বস্ত্ৰ।
মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে, বৃন্দাবনী বস্ত্ৰ ৰাখিবলৈ গুৱাহাটীত নিৰ্মাণ কৰা হ’ব এটা অত্যাধুনিক সংগ্ৰহালয়। JSW এ খানাপাৰাত নিৰ্মাণ কৰা হ’ব এই অত্যাধুনিক সংগ্ৰহালয়টো। ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষই বান্ধি দিয়া নিয়মৰ মাজেৰে অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ।
লগতে পঢ়ক: ‘গণপতি বাপ্পাৰ আশীৰ্বাদেৰে আৰম্ভ হৈছে ভাল সময়’; গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে নতুন ৰাজভৱন